ETV Bharat / city

হৃদয় বিদাৰক: ছয়গাঁৱত এতিয়া ঠেলাই এম্বুলেন্স - Health ministry

কামৰূপ জিলাৰ ছয়গাঁৱৰ গোৱৰ্ধনত হাস্পতালতৰ পৰা এম্বুলেন্সৰ সলনি ঠেলাত ঘৰলৈ কঢ়িয়াই নিলে মৃতদেহ ৷ চৰকাৰী স্বাস্থ্যকেন্দ্ৰত এম্বুলেন্স বিচাৰোতে মহকুমা স্বাস্থ্য বিষয়াৰ ৰোগীৰ পৰিয়ালক ধমক ৷

হৃদয় বিদাৰক: ছয়গাঁৱত এতিয়া ঠেলাই এম্বুলেন্স
author img

By

Published : Jul 20, 2019, 3:54 PM IST

ছয়গাঁও, 20 জুলাই : ছয়গাঁৱৰ ৰাজপথত আজি দেখা গ'ল এজন যুৱকৰ মৃতদেহ ঠেলাৰে ঘৰলৈ কঢ়িয়াই নিয়া এক কৰুণ দৃশ্য ৷ জানিব পৰা মতে ছয়গাঁৱৰ মথুৰাপুৰীৰ ৰত্নেশ্বৰ বড়ো নামৰ যুৱকজনৰ জণ্ডিছ ৰোগ হোৱা বাবে শুকুকৰবাৰে গোৱৰ্ধনস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল তাত চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি ৰোগীজনক ঘৰলৈ উভতাই পঠাইছিল ৷ কিন্তু আজি পুনৰ যুৱকজন অসুস্থ হোৱাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিওঁ তেওঁ প্ৰাণ ত্যাগ কৰে ৷ মৃতদেহ ঘৰলৈ নিয়াৰ বাবে পৰিয়ালৰ লোকে মহকুমা স্বাস্থ্য বিযয়াক এখন এম্বুলেন্সৰ কথা কওঁতে তেওঁ ওলোটাই ধমকি দিয়া বুলি দুৰ্ভগীয়া পৰিয়ালটোৱে অভিযোগ কৰে ৷ শেষত উপায়বিহীন হৈ এখন ঠেলা যোগাৰ কৰি মৃতদেহটো ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে পৰিয়ালটোৱে ৷ মৃতদেহটো চিকিৎসালয়ৰ পৰা ১৭ নং ঘাইপথেৰে মথুৰাপুৰীলৈ লৈ যোৱাৰ সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে বহুসংখ্যক লোকে ৷ ছয়গাঁৱৰ এই দুখজনক ঘটনাই উন্নয়নৰ ঢোল কোবাই থকা স্বাস্থ্য বিভাৰ ফোপোলা স্বৰূপ পুনৰ এবাৰ উদঙাই দিছে ৷ ৰাজ্যৰ স্বাস্থ্যখণ্ডক দেশৰ ভিতৰতে এক অন্যতম উন্নত স্বাস্থ্যখণ্ড বুলি সঘনাই দাবী কৰা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনৰ অসমৰ চোকে কোণে দৈনিক হাৰত সংঘটিত হৈ থকা এনেধৰণৰ হৃদয় বিদাৰক ঘটনা কেতিয়া চকুত পৰিব তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা কৰিছে ৰাজ্যৰ সচেতন মহলে ৷

Intro:এক হৃদয় বিদাৰক দৃশ্য ৷ এম্বুলেন্সৰ পৰিবৰ্তে ঠেলাত চিকিৎসালয়ৰ পৰা নিলে মৃতদেহ ৷ Body:ছয়গাঁও ২০ জুলাই : এক হৃদয় বিদাৰক দৃশ্য ৷ হাস্পতালতৰ পৰা এম্বুলেন্সৰ সলনি ঠেলাত ঘৰলৈ কঢ়িয়াই নিলে মৃতদেহ ৷ এই ঘটনা কামৰূপ জিলাৰ ছয়গাঁৱৰ গোৱৰ্ধনত ৷ ৰাজপথেৰে এটি যুৱকৰ মৃতদেহ ঠেলাৰে ঘৰলৈ কঢ়িয়াই নিয়া হৃদয় বিদাৰক দৃশ্যটি বন্দী হয় সাংবাদিকৰ কেমেৰাত ৷ এই লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ছয়গাঁও অঞ্চলত ৷ জানিবপৰামতে ছয়গাঁৱৰ মথুৰাপুৰীৰ ৰত্নেশ্বৰ বড়ো নামৰ যুৱকজনৰ জণ্ডীছ ৰোগ হোৱা বাবে শুকুকৰবাৰে গোৱৰ্ধনস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল যদিও চিকিৎসকে ৰোগীজনক পৰীক্ষা কৰি ঘৰলৈ পঠাই দিয়ে ৷ পুনৰ আজি যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও যুৱকজনৰ আজি চিকিৎসালয়তে মৃত্যু হয় ৷ যুৱকজনৰ মৃত্যুৰ পিচত মৃতদেহ ঘৰলৈ নিয়াৰ বাবে পৰিয়ালৰ লোকে মহকুমা স্বাস্থ্য বিযয়াক এখন এম্বুলেন্সৰ কথা কওঁতে তেওঁ পৰিয়ালৰ লোকক ধমকি দিয়া বুলিও অভিযোগ কৰে ৷ পিছত উপায়বিহীন পৰিয়ালৰ লোকে এখন ঠেলা যোগাৰ কৰি মৃতদেহটো ঠেলাৰে ঘৰলৈ লৈ যায় ৷ মৃতদেহটো চিকিৎসালয়ৰ পৰা ১৭ নং ঘাইপথেৰে মথুৰাপুৰীলৈ লৈ যোৱাৰ সময়ত সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰে বহুসংখ্যক লোকে ৷ আৰু সমগ্ৰ দৃশ্য বন্দী হয় ইটিভি ভাৰত অসমৰ ছয়গাঁৱৰ সংবাদদাতাৰ কেমেৰাত ৷ অতি পৰিতাপৰ বিষয় এয়ে যে যি সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগে স্বাস্থ্য বিভাগত আমুল পৰিবৰ্তন অনা বুলি ঢাক ঢোল বজাই আছে সেই সময়তেই মহানগৰীৰ নিছেই ওচৰৰ ছয়গাঁৱত এম্বুলেন্সৰ অভাৱত ঠেলাৰে মৃতদেহ কঢ়িয়াব লগীয়া হোৱা ঘটনাই ৰাজ্যৰ বৰ্তমানৰ ফোপোলা স্বৰূপ জল জল পট পটকৈ ওলাই পৰিছে ৷Conclusion:Byte
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.