ETV Bharat / city

ক’ভিডক লৈ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ তৎপৰতা - rekibuddin distribute food

ছয়গাঁৱৰ কন্টেইনমেন্ট জ’নৰ ৮ টা পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ৷ ছয়গাঁৱৰ গোৱৰ্দ্ধনা স্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কমেও চাৰিঘণ্টাৰ বাবে ক’ডিড ৰোগীৰ জৰুৰীকালীন চিকিৎসা গ্ৰহণৰ ব্যৱস্থা ৷ কণ্টেইনমেন জ’নত থকা প্ৰতিটো পৰিয়ালক সহায় কৰাৰ প্ৰতিশ্ৰুতি বিধায়কগৰাকীৰ ৷

ক’ভিডক লৈ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিনৰ ব্যাপক তৎপৰতা

author img

By

Published : May 28, 2021, 10:34 PM IST

ছয়গাঁও ২৮ মে’: কৰ’ণা যুঁজখনত নিজকে নিয়োজিত কৰি জয়ী হোৱাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ ইতিমধ্যে বিধায়ক গৰাকীয়ে সমষ্টিটোৰ আটাইকেইখন চিকিৎসালয়লৈ গৈ সকলো দিশৰ বুজ লয় ৷

কৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত ল’বলগীয়া সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত সন্মিলিতভাৱে আলোচনা কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰি আছে ৷ ইতিমধ্যে বিধায়ক গৰাকীৰ নেতৃত্বত ছয়গাঁৱৰ বিভিন্ন ঠাইৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে ৷

শুকুৰবাৰে বিধায়ক গৰাকীয়ে সমষ্টিটোৰ বাংকা কাটা গাঁৱৰ কণ্টেইনমেন জ’নত থকা ৮ টা পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰে ৷ বিধায়ক গৰাকীয়ে প্ৰকাশ কৰামতে অক্ষয় পাত্ৰৰ সহযোগত ইণ্ডিয়া টিভিৰ তৰফৰ পৰা এই সাহাৰ্যৰ টোপোলা সমূহ কন্টেইনমেন্ট জ’নত থকা পৰিয়াল কেইটাক প্ৰদান কৰে ৷

আনহাতে, ছয়গাঁৱৰ গোৱৰ্দ্ধনাস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কমেও চাৰিঘণ্টাৰ বাবে ক’ডিড ৰোগীৰ জৰুৰীকালীন চিকিৎসা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে বুলিও বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ৷ ছাটাবাৰীত থকা উদ্যোগসমূহৰ জৰিয়তে অঞ্চলটোত কণ্টেইনমেন্ট জ’নত থকা পৰিয়ালবোৰক সাহাৰ্যৰ ব্যৱস্থা কৰা হ’ব বুলিও বিধায়ক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে ৷

বিপদৰ সময়ত সদায় ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দি বিধায়ক গৰাকীৰ সমষ্টিটোৰ কণ্টেইনমেন্ট জ’নত থকা সকলো পৰিয়ালকে সহায় কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ৷ এই কৰ’ণা মহামাৰীৰ সময়ত কোনো পৰিয়ালেই ঘৰত আৱদ্ধ হৈ থাকি যাতে কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে তেওঁ সদায় নজৰ দি থাকিব বুলিও মন্তব্য কৰে ৷ বিধায়ক গৰাকীৰ লগত ছয়গাঁৱৰ চক্ৰ বিষয়া জয়ন্ত বৰাও উপস্থিত থাকে ৷

লগতে পঢ়ক : কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.