ETV Bharat / city

গণ আন্দোলনক ভৰিৰে মোহাৰি লোকসভাত উত্থাপন কেব : প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য - কেবৰ বাতৰি

সংসদত কেব উত্থাপন কৰি হিন্দু বাংলাদেশী আনি অসম সুৰক্ষাৰ দায়িত্ব ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে ৷ কেব উত্থাপন হোৱাৰ পাছত ৰাজ্যত অধিক তীব্ৰতৰ হৈছে কেব বিৰোধী আন্দোলন ৷ ঠাইে ঠাইে 144 ধাৰা জাৰি প্ৰশাসনৰ ৷ সংকটৰ সময়ত অসমীয়াক ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান অখিল গগৈৰ ৷ ৰাজ্যসভাত কেব গৃহীত হ'লে অনিদ্দিৰ্ষ্ট কালৰ বাবে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আলফা নেতা জিতেন দত্তৰ ৷

গণ আন্দোলনক ভৰিৰে মোহাৰি লোকসভাত উত্থাপন কেব : প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য

author img

By

Published : Dec 9, 2019, 11:26 PM IST

নিউজ ডেস্ক, 9 ডিচেম্বৰ: জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে অসমীয়াৰ ব্যাপক গণ প্ৰতিবাদক ভৰিৰে মোহাৰি লোকসভাত উত্থাপন হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক 2019 ৷ অসমীয়াক ৰঙা চকু দেখুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰিলে কেব ৷ লোকসভাত কেব গৃহীত হোৱাৰ পাছতেই অসংবিধানিক কেবক লৈ পুনৰ জ্বলিছে ৰাজ্য ৷ বিধেয়ক বিৰোধী অসম বন্ধৰ মাজতে কেবৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল সাংবাদিকৰ পৰা আৰম্ভ কৰি আলফা নেতা পৰ্যন্ত ৷ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰই জ্বলাই দিলে জাতিধ্বংসী বিধেয়ক প্ৰতিলিপি ৷ কেবৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলে গনতন্ত্ৰৰ জাগ্ৰত প্ৰহৰী সাংবাদিকসকলে ৷ লোকসভাত কেব গৃহীত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অখিল গগৈয়ে ৷ ইফালে কাইলৈ যদি ৰাজ্যসভাত কেব গৃহীত হয় তেন্তে দিল্লীৰ বিৰুদ্ধে অনিদ্দিৰ্ষ্ট কালৰ বাবে অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিলে জীতেন দত্তই ৷ সকলো সামৰি আমাৰ এক বিশেষ প্ৰতিবেদন ৷

গণ আন্দোলনক ভৰিৰে মোহাৰি লোকসভাত উত্থাপন কেব : প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য

আৰু পঢ়ক: মুখ্যমন্ত্ৰীৰ সমষ্টিত থুৱাই-থুৱাই প্ৰতিবাদ যুৱতীৰ

Intro:STORY:- অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ আলফা নেতা জীতেন দত্তৰ

OC/VO:- কেব নামানে আলফাই৷ ১৫ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব আলফা আলোচনাপন্থী গোটে৷ কেব গৃহীত হ’লে আন্দোলনৰ ভয়ংকৰ হব৷ কাইলৈৰ পৰা তিনিচুকীয়া পানীতোলাত অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ প্ৰদান কৰিছে আলফা নেতা জীতেন দত্তই৷Body:Byet:- জীতেন দত্ত,নেতা আলোচনাপন্থী আলফাConclusion:তিনিচুকীয়াৰ পৰা প্ৰশান্ত খাটোৱাল ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.