ETV Bharat / city

কাইলৈ অন্ত পৰিব বিধানসভাৰ বাজেট অধিবেশন

author img

By

Published : Mar 23, 2020, 7:10 PM IST

Updated : Mar 23, 2020, 7:54 PM IST

মঙলবাৰে গৃহীত কৰা হ'ব বিত্তীয় বৰ্ষ 2020-21 ৰ বাজেট ৷ ইয়াৰোপৰি, বিধানসভাৰ অধিবেশনৰো অন্ত পৰিব ৷

অসম বিধানসভা
কাইলৈ অন্ত পৰিব বিধানসভাৰ বাজেট অধিবেশন

গুৱাহাটী, 23 মাৰ্চ : বিধানসভাৰ বাজেট অধিবেশন 30 মাৰ্চলৈকৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এক জৰুৰী বৈঠকে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, 24 মাৰ্চতে অন্ত পৰিব এই অধিবেশন ৷ পৰিবৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিয়লি বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ পৌৰাহিত্যত অনুষ্ঠিত বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

কাইলৈ অন্ত পৰিব বিধানসভাৰ বাজেট অধিবেশন

বিধানসভাৰ প্ৰধান সচিব মৃগেন ডেকাই এই সিদ্ধান্তৰ কথা সদৰি কৰি কয় যে, 2020-21 বিত্তীয় বৰ্ষৰ বাজেট সোমবাৰেই সদনত গৃহীত কৰা হ'ব ৷

উল্লেখ্য যে, পূৰ্বৰ কাৰ্যক্ৰমনিকা অনুসৰি 26 মাৰ্চত গৃহীত হোৱাৰ কথা আছিল বিধানসভাৰ বাজেট ৷

আৰু পঢ়ক : অখিল গগৈৰ জামিন নাকচ, ন্যায়িক জিম্মালৈ প্ৰেৰণ

Last Updated : Mar 23, 2020, 7:54 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.