ETV Bharat / city

Assam Budget 2022-23 : ১৪ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিবেশন - Beneficiary scheme Assam

মাৰ্চ মাহত অনুষ্ঠিত হ’ব অসম বিধান সভাৰ বাজেট অধিৱেশন (Budget Session of Assam Assembly from March 14) ৷ শনিবাৰে ৰাজভৱনৰ পৰা আনুষ্ঠানিকভাৱে জাৰি কৰা হয় বাজেট সম্পৰ্কীয় অধিসূচনা ৷

budget-session-of-assam-assembly-from-march-14
১৪ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিবেশন
author img

By

Published : Feb 5, 2022, 5:06 PM IST

গুৱাহাটী, ৫ ফেব্ৰুৱাৰী : আগন্তুক 14 মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধান সভাৰ বাজেট অধিৱেশন (Budget Session of Assam Assembly from March 14) ৷ শনিবাৰে ৰাজভৱনৰ পৰা আনুষ্ঠানিকভাৱে জাৰি কৰা হয় বাজেট সম্পৰ্কীয় অধিসূচনা ৷

জানিব পৰা মতে, প্ৰায় এমাহজুৰি চলিব এই বাজেট অধিৱেশন ৷ প্ৰাপ্ত তথ্য অনুসৰি এই অধিৱেশনত 2022-23 বৰ্ষৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেট (Assam Budget 2022) ত পূৰ্বৰ দৰে হিতাধিকাৰী সৃষ্টি কৰা কোনোধৰণৰ নতুন আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা নাই (Beneficiary scheme Assam) ৷ কিয়নো বিগত বৰ্ষৰ বাজেটত ঘোষতি একাধিক এনে আঁচনি কাৰ্যকৰী কৰোতে ইতিমধ্যে চৰকাৰৰ ৰাজভৰাঁল একপ্ৰকাৰ উদং হৈ পৰিছে ৷

budget-session-of-assam-assembly-from-march-14
১৪ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিবেশন

এতিয়ালৈকে প্ৰায় 18 হাজাৰ কোটি‌ টকাতকৈও অধিক ঋণ লবলগীয়া হৈছে চৰকাৰে । সেইবাবে এইবাৰৰ বাজেটত এনে কোনো আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা নাই । স্মৰ্তব্য যে শুকুৰবাৰে ই টিভি ভাৰতে আগতীয়াকৈ এক বাতৰি পৰিৱেশন কৰিছিল যে 14 মাৰ্চৰ পৰাই অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিৱেশন । বাকী আছে কেৱল আনুষ্ঠানিক ঘোষণাহে ।

লগতে পঢ়ক : অন্তৰ্ধান হ’ব হিতাধিকাৰী সৃষ্টি কৰা আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.