ETV Bharat / city

পৌৰ নিগমৰ নিৰ্বাচনত ৫৯.৩১ শতাংশ ভোট লাভ বিজেপিৰ - পৌৰ নিগমৰ নিৰ্বাচনত ৫৯.৩১ শতাংশ ভোট লাভ বিজেপিৰ

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC election 2022) ত বৃহৎ জয় সাব্যস্ত কৰা বিজেপি দলে নিৰ্বাচনত ৫৯.৩১ শতাংশ ভোট লাভ কৰিছে । অগপ দলে লাভ কৰিছে ৭ শতাংশ ভোট । আনহাতে কংগ্ৰেছ দলে ১৩.৭১ শতাংশ আৰু আপে ১০.৬৯ শতাংশ ভোট লাভ কৰিছে গুৱাহাটী পৌৰ নিৰ্বাচনত ৷

bjp-got-59-dot-31-per-cent-votes-in-gmc-election
পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ ৫৯.৩১ শতাংশ ভোট লাভ
author img

By

Published : Apr 25, 2022, 11:48 AM IST

গুৱাহাটী, 25 এপ্ৰিল : ১৯৯৫ চনত গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ ভিতৰত ৯ ৱাৰ্ড দখল কৰিবলৈ সক্ষম হোৱা বিজেপি দলে এইবাৰ প্ৰথমবাৰৰ বাবে পৌৰ নিগমত সৰ্বাধিক আসন লাভ কৰি ইতিহাস ৰচনা কৰে(BJP secures clean sweep in Guwahati civic polls) । দলটোৱে ২০০৩ চনত গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ ভিতৰত ১৩ টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছিল । সেইদৰে ২০১৩ চনত গুৱাহাটী পৌৰ নিগমৰ ৩১ টা ৱাৰ্ডৰ ভিতৰত ১১ টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছিল বিজেপি ।

এইবাৰ দলটোৱে গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ ভিতৰত ৫২ টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হয় । ৰাজ্যিক নির্বাচন আয়ােগে(Assam state election commission) প্রকাশ কৰা তথ্য অনুসৰি, এইবাৰৰ নিৰ্বাচনৰ মুঠ ৪,০০,৮০৬টা বৈধ ভােটৰ ২,৩৭,৭৪২টা ভােট লাভ কৰিছে বিজেপি দলে । বিজেপিৰ মিত্রদল অগপই পাইছে ২৮,০৯২টা ভােট (৭ শতাংশ) । আনহাতে বিজেপি আৰু অগপই লাভ কৰা সমুদায় ভােট হৈছে- ২,৬৫,৮৩৪টা । শতাংশ হিচাপত মিত্র দল দুটাই ৬৬.৩২ শতাংশ ভােট লাভ কৰিছে ।

ইপিনে, কংগ্ৰেছে পাইছে ৫৪,৯৮০টা ভােট, শতাংশ হিচাপত ১৩.৭১ শতাংশ । আপে ৪২,৮৬৬টা (১০.৬৯ শতাংশ), অজাপই ১৫,৪৪৩টা ভোট লাভ কৰিছে । চি পি আই (এম) দলে ২৪৪৭টা ভােট পােৱাৰ বিপৰীতে নির্দলীয়কে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলে ১১,১৩৯টা ভােট পাইছে ।

লক্ষণীয় যে ইতিপূর্বে অনুষ্ঠিত তিনিওটা নির্বাচনতে সংখ্যাগৰিষ্ঠতা অর্জন কৰিবলৈ সক্ষম হােৱা কংগ্ৰেছ দল এইবাৰ শােচনীয়ভাৱে পৰাজিত হৈছে । এখন আসনতাে জয়লাভ কৰিব নােৱৰা কংগ্ৰেছ দলটোৰ প্রার্থীসকলে লাভ কৰা ভােটে সংখ্যাৰ পিনৰপৰা বিজেপি আৰু অগপৰ প্ৰাৰ্থীয়ে লাভ কৰা ভােটৰ ওচৰ চাপিবই নােৱাৰিলে । ৩১টা ৱাৰ্ডত কংগ্ৰেছ প্রার্থীয়ে এহেজাৰটা ভােটো পাবলৈ সক্ষম নহ'ল ।

১৭ নম্বৰ ৱাৰ্ডত বিজয়ী বিজেপি প্রার্থীয়ে ৩,০৬৪টা ভােট পােৱাৰ বিপৰীতে কংগ্ৰেছ প্রার্থীয়ে পাইছে মাত্র ৯৭টা ভােট । এই ৱার্ডটোত কংগ্ৰেছতকৈ ‘নটা’তে অধিক ভােটদান হৈছে । লক্ষণীয় যে, ২৪টা ৱাৰ্ডত দ্বিতীয় স্থান পাইছে আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে । অৱশ্যে লাভ কৰা ভােটৰ সংখ্যাৰ দিশৰপৰা কংগ্ৰেছ দল দ্বিতীয় স্থানতেই আছে ।

লগতে পঢ়ক : ৫৮ টা ৱাৰ্ডত বিজয়ধ্বজ্জা উৰুৱাই মিত্ৰজোঁটে আজুৰিলে গুৱাহাটী পৌৰ নিগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.