গুৱাহাটী, 10 মাৰ্চ : ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হৃদৰোগী শিশু থকা পৰিয়ালৰ বাবে সুখবৰ । বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত বিশিষ্ট চিকিৎসক ডাঃ বি পি চক্ৰৱৰ্তীয়ে ডাঃ ভৱ দাস ফাউণ্ডেচনৰ হৈ এক অভিলাষী আঁচনি ঘোষণা কৰে ৷ এই আঁচনিৰ অধীনত অসমৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ 14 বছৰ অনুৰ্ধৰ হৃদৰোগী শিশুসকলক সম্পূর্ণ বিনামূলীয়াকৈ শল্য চিকিৎসা আগবঢ়োৱা হ'ব (Bhaba das foundation to provide free heart surgery for poor children) ।
আয়-ব্যয় শূণ্য নীতিৰে আন্তর্জাতিক খ্যাতিসম্পন্ন হৃদশল্য বিশেষজ্ঞ তথা অসম সন্তান ডাঃ ভৱানন্দ দাসে প্ৰতিষ্ঠা কৰা সমাজ সেৱামূলক এই ফাউণ্ডেচনৰ মূল উদ্দেশ্য হৈছে অর্থনৈতিকভাৱে পিছপৰা সকলক বিনামূলীয়া হৃদশল্য চিকিৎসাৰ লগতে কেঞ্চাৰকে ধৰি বিভিন্ন চিকিৎসা সাহায্য আগবঢ়োৱা । তদুপৰি যোগ্য শিক্ষার্থীক চিকিৎসা বিজ্ঞানৰ শিক্ষা, নাৰ্ছিং শিক্ষা তথা বৈজ্ঞানিক গৱেষণাত সহায় কৰা । লগতে অনাথ শিশুক আৰ্থিক সাহায্য প্ৰদান কৰা, চিকিৎসা সেৱাৰ আন্তঃগাঁথনি আৰু জনস্বাস্থ্যৰ সামগ্ৰীক উন্নয়ন কৰা ডাঃ ভৱ দাস ফাউণ্ডেচনৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য বুলি উল্লেখ কৰে ডাঃ বি পি চক্ৰৱৰ্তীয়ে ।
এই উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি 2017 চনত প্ৰতিষ্ঠিত ফাউণ্ডেচনে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্য সম্পর্কীয় জনসজাগতা সৃষ্টিৰ লগতে বিভিন্ন সেৱামূলক কার্যসূচী ৰূপায়ণ কৰি আহিছে । এই ফাউণ্ডেচনে ইতিপূৰ্বে দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহু সংখ্যাক ৰোগীক বিনামূলীয়া হৃদ-শল্য চিকিৎসা আগবঢ়াইছে । লগতে ফাউণ্ডেচনৰ এই আঁচনিখনে ৰাজ্যৰ হৃদৰোগত আক্ৰান্ত শিশুৰ অভিভাৱকক মানসিক আৰু আৰ্থিকভাৱে যথেষ্ট সকাহ দিব বুলি এই সংবাদমেলখনত ডাঃ চক্ৰৱৰ্তীয়ে মন্তব্য কৰে ।
লগতে পঢ়ক : ১১-১২ মাৰ্চত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
আনহাতে এই সংবাদমেলত ভাগ লৈ বিশিষ্ট হৃদ-শল্য ৰাোগ বিশেষজ্ঞ ডাঃ জে পি কলিতাই ভাৰতবৰ্ষৰ শিশু হৃদৰোগীৰ পৰিসংখ্যা দাঙি ধৰি কয় যে, আমাৰ দেশত প্ৰতিবছৰে 2 লাখকৈ শিশু হৃদৰোগত আক্ৰান্ত হয় । এই 2 লাখ শিশুৰ ভিতৰত আৰোগ্যৰ হাৰ প্ৰায় 90 শতাংশ । হৃদযন্ত্ৰৰ ফুটা, হৃদযন্ত্ৰৰ 'ব্লাড মিক্সিং-আপ' আদি ৰোগৰ অস্ত্ৰোপচাৰ যথেষ্ট খৰচী বুলি উল্লেখ কৰি ডাঃ জে পি কলিতাই কয় যে, অসমৰ দৰে ৰাজ্যত কেৱল আৰ্থিক সামৰ্থ নথকাৰ বাবে বহু শিশুয়ে এনেৰোগত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱাবলগা হয় ।
ডাঃ ভৱ দাস ফাউণ্ডচেনে গ্ৰহণ কৰা এই আঁচনিয়ে অসমৰ জনস্বাস্থ্যৰ দিশত এক দিক নির্ণায়ক ভূমিকা পালন কৰিব বুলি ডাঃ জে পি কলিতাই মন্তব্য কৰে । এই সংবাদমেলত ডাঃ অতনু বৰঠাকুৰ, ডাঃ হেমজিৎ তালুকদাৰ, ডাঃ বিজু চৌধুৰী, ডাঃ সুপ্ৰিয়া চৌধুৰী আৰু ডাঃ ইয়াছিন আলিৰ লগতে কেইবাজনো বিশিষ্ট চিকিৎসক উপস্থিত আছিল । উল্লেখ যে হৃদৰোগী শিশুৰ অভিভাৱকসকলে 70023-80335 নম্বৰত ফোন কৰি সবিশেষ জানিব পাৰিব বুলি ডাঃ ভৱ দাস ফাউণ্ডেচনৰ তৰফৰ পৰা জনোৱা হৈছে ।
লগতে পঢ়ক : UP Assembly Election 2022 : উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ ফলাফল