গুৱাহাটী, 24 মেঃ পৱিত্ৰ ঈদ-উল-ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ বিশ্ব শান্তিৰ বাবে সকলোকে দোৱা কৰিবলৈ আহ্বান জনায় সাংসদ গৰাকীয়ে ৷
সোমবাৰে সমগ্ৰ ভাৰতৰ লগতে অসমটো পালন কৰা হ'ব পৱিত্ৰ ঈদ-উল-ফিটৰ । সাংসদগৰাকীয়ে কয় যে, লক ডাউনৰ বাবে এইবাৰৰ ঈদৰ পৰিৱেশ সুকীয়া । ক'ৰণা ভাইৰাছৰ বাবে ভয়াৱহ সংকটৰ মাজত মানৱ জাতি । যাৰ বাবে সকলোৱে চৰকাৰী নীতি-নিয়ম মানি ঘৰতেই ঈদৰ নামাজ পঢ়িব লাগিব । লগতে নামাজৰ শেষত বিশ্ব শান্তিৰ বাবে তথা কৰ'ণা ভাইৰাছৰ পৰা মুক্তি পাবলৈ সকলোকে দোৱা কৰিবলৈ আহ্বান জনায় সাংসদগৰাকীয়ে ৷ ইফালে ঈদে এক সুখময় বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে সাংসদ মৌলানা বদৰুদ্দিন আজমলে ।
লগতে পঢ়ক- ক’লাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সতীৰ্থ ৰবীন্দ্ৰ ৰাভাৰ দেহৱসান