ETV Bharat / city

কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব নেকি এ আই ইউ ডিএফৰ ? - কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব নেকি এ আই ইউ ডিএফৰ ?

উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ লগত এ আই ইউ ডিএফৰ মিত্ৰতাৰ বাবে কোনো আলোচনা হোৱা নাই বুলি মন্তব্য কৰে দলটোৰ প্ৰধান বদৰুদ্দিন আজমলে ৷

কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব নেকি এআইইউদিএফৰ!
author img

By

Published : Sep 27, 2019, 8:07 AM IST

Updated : Sep 27, 2019, 10:34 AM IST

গুৱাহাটী, 27 ছেপ্টেম্বৰ : ৰাজ্যত চলিছে চাৰি সমষ্টিৰ উপ নিৰ্বাচনৰ গৰম বতাহ ৷ এই নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী নিৰ্বাচনকলৈ ৷ এ আই ইউ ডিএফ দলো ব্যস্ত হৈ পৰিছে উপ নিৰ্বাচনৰ বাবে ৷ নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য,''কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে কোনো আলোচনা হোৱা নাই'' ৷ কিন্তু কংগ্ৰেছৰ পৰা মিত্ৰতাৰ বাবে প্ৰস্তাৱ পালে মিত্ৰতা কৰাৰ এক ইংগিত দিয়ে আজমলে ৷

কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব নেকি এআইইউদিএফৰ!

ইয়াৰোপৰি,আগন্তুক বিটিচিৰ পৰিষদীয় নিৰ্বাচনকলৈ এ আই ইউ ডিএফ দল তৎপৰ হৈ উঠিছে বুলি মন্তব্য কৰে আজমলে ৷ এন আৰ চি সন্দৰ্ভত আজমলে কয়, বিৰোধিতা কৰা সকলে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে ৷ ইয়াৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যোৱাৰ কথাও উল্লেখ কৰে আজমলে ৷

উল্লেখ্য় যে ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু বিজেপি দলে ইতিমধ্যে প্ৰাৰ্থী তালিকাৰ পেনেল সাজু কৰিছে যদিও এই পৰ্যন্ত এ আই ইউ ডি এফ দলে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ৷ ইফালে বৰপেটাৰ সংখ্যালঘূ অধ্যূষিত জনীয়া সমষ্টিত এ আই ইউ ডি এফ দলে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে যদিহে দলটোৱে কংগ্ৰেছৰ লগত গোপন মিত্ৰতা নকৰে ৷

Intro:ৰাজ্যত এতিয়া চাৰি সমষ্টিৰ উপ নিৰ্বাচনৰ গৰম বতাহ। সকলো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী নিৰ্বাচনকলৈ। পিছৰ পৰি ৰোৱা নাই এআইইউডিএফ। আগন্তুক উপ নিৰ্বাচনকলৈ মন্তব্য প্ৰকাশ কৰে এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। কোন সমস্যা প্ৰতিদ্বন্দিতা কৰিব তাকলৈ এতিয়াও সিন্ধান্ত লোৱা নাই এআইইউডিএফে। কংগ্ৰেছৰ লগত মিত্ৰতাৰ বাবে কোনো আলোচনা হোৱা নাই বুলিও স্পষ্ট কৰি দিয়ে আজমলে। তথাপি প্ৰস্তাৱ পালে মিত্ৰতাৰ হোৱাৰ ইংগিত দিলে আজমলে। তাৰোপৰি আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ তৎপৰ হৈ উঠিছে এআইইউডিএফ। ইফালে এন আৰ চিৰ বিৰোধিতা কৰা সকলে ছুপ্ৰিম কোৰ্টক অৱমাননা কৰি আছে বুলি কয় সাংসদ বদৰুদ্দিন আজমলে। শেহতীয়াকৈ বিজেপিয়ে এন আৰ চিক প্ৰত্যাখ্যান কৰি কেব গৃহীত কৰিব বুলি কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এআইইউডিএফ প্ৰধানগৰাকীয়ে। কেব বিৰোধিতা সদায়ে কৰি যাব বুলি মন্তব্য কৰে আজমলে।Body:Hirul Haque Conclusion:Guwahati
Last Updated : Sep 27, 2019, 10:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.