ETV Bharat / city

অন্ত পৰিল অসম বিধানসভাৰ মাহজোৰা বাজেট অধিবেশন

author img

By

Published : Aug 13, 2021, 8:12 PM IST

শুকুৰবাৰে অন্ত পৰিল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমখন বাজেট অধিবেশন ৷ বিগত 12 জুলাই পৰা আৰম্ভ হৈছিল এই সদনৰ অধিবেশন ৷ কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হয় এই অধিবেশনতে ৷

অন্ত পৰিল বিধানসভাৰ মাহজোৰা বাজেট অধিবেশন

গুৱাহাটী, ১৩ আগষ্ট : প্ৰায় এমাহজুৰি চলা অসম বিধানসভাৰ বাজেট অধিবেশনৰ শুকুৰবাৰে সামৰণি পৰিল । মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পিছত তেওঁৰ চৰকাৰখনৰ এয়া আছিল প্ৰথমখন বাজেট অধিবেশন । ১২ জুলাইৰ পৰা আৰম্ভ হোৱা এই বাজেট অধিবেশনৰ এক অন্যতম গুৰুত্বপূৰ্ণ দিশ আছিল এইটোৱেই যে, অসমত প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী হিচাপে সদনত বাজেট দাখিল কৰিছিল অজন্তা নেওগে ।

আনহাতে, এইবাৰৰ পূৰ্ণাংগ এই বাজেট অধিবেশনতে গৃহীত হয় কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক । ইয়াৰে ভিতৰত অন্যতম চৰ্চিত বিধেয়ক আছিল গো-সুৰক্ষা বিধেয়ক, যিখন শুকুৰবাৰে বিয়লি অৰ্থাৎ বাজেট অধিবেশনৰ অন্তিম দিনটোত সদনত গৃহীত হয় । এই গো-সুৰক্ষা বিধেয়কক কেন্দ্ৰ কৰি যোৱা সময়চোৱাত সৃষ্টি হৈছিল তীব্ৰ বাদানুবাদৰো ।

একেদৰে, মাহজুৰি চলা এই বাজেট অধিবেশনত বিত্তীয় ব্যৱস্থাপনা সম্পৰ্কীয় এখন বিধেয়কৰ উপৰিও দ্য মাজুলী ইউনিভাৰ্চিটি অৱ কালচাৰ বিল, দ্য আছাম টেনেঞ্চী বিলকে ধৰি কেইবাখনো বিধেয়ক গৃহীত হয় । ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সদ্যসমাপ্ত এই প্ৰথমখন বাজেট অধিবেশনতে ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়কঃ দুপৰীয়া 12 বজাৰ পাচত কাম আৰম্ভ হোৱা এটা চৰকাৰী কাৰ্যালয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.