গুৱাহাটী, 5 মাৰ্চঃ মেঘালয়ৰ চেলা থানা অন্তৰ্গত ইচামতিত মেঘালয়ৰ স্থানীয় লোকৰ এজন সদস্যক হত্যাৰ পিছৰে পৰা হিংসাত্মক হৈ আছে চুবুৰীয়া ৰাজ্য মেঘালয় ।

মেঘালয়ত খাচী আৰু অনাখাচীৰ মাজত হোৱা হিংসাত বৰ্তমান লৈকে প্ৰাণ হেৰুৱাইছে 3 জনকৈ লোকে ৷ আনহাতে আহত হৈছে কেইবাজনো লোক ।
বৰ্তমান অসম চৰকাৰে মেঘালয়ৰ ইচামতিত আবদ্ধ হৈ থকা প্ৰায় 500 গৰাকীকৈ লোকক আৰক্ষী, বিএছএফৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । কৰ্মসূত্ৰে মেঘালয়ত আছিল লোকসকল ৷ বৰ্তমান উদ্ধাৰ কৰা লোকসকলক যোৰাবাট আৰক্ষী চকীত ৰখা হৈছে । ইপিনে বৰ্তমানো আবদ্ধ আছে বহু লোক ৷