গুৱাহাটী, ১০ অক্টোবৰ: আন্ত:ৰাষ্ট্ৰীয় বজাৰত ভয়ানক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসমৰ চাহ। ইতিমধ্যে ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিভিন্ন চৰ্চা আৰু উদ্বিগ্নতাৰ মাজত অসমৰ চাহৰ আন্তৰ্জাতিক বজাৰ মূল্যও কিছু পৰিমাণে হ্ৰাস পাইছে। বিশ্বৰ বিভিন্ন দেশলৈ অসমৰ চাহ ৰপ্তানিও যথেষ্ট পৰিমাণে কমি আহিছে।
কিন্তু অসমৰ চাহৰ ক্ষেত্ৰত আহি পৰা এই প্ৰত্যাহ্বানৰ মূল কাৰণ কি ? চাহিদা অনুপাতে অসমত চাহৰ উৎপাদন বৃদ্ধি পোৱাৰ বাবেই এই বিপদ আহিছে নেকি ? যোৱাটো বৰ্ষত লক্ষ্য আছিল এহেজাৰ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰা। কিন্তু দেখা গ'ল, অসমত উৎপাদিত চাহৰ পৰিমাণে 1300 মিলিয়ন কিলোগ্ৰামকো অতিক্ৰম কৰিলে। ফলত অসমৰ চাহৰ গুণগত মানো যথেষ্ট পৰিমাণে হ্ৰাস পালে!