ETV Bharat / city

চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা পাব নেকি ডাঃ ধনীৰাম বৰুৱাই ? - ডাঃ ধনীৰাম বৰুৱা

পুনৰ চৰ্চাত খ্যাতিমান চিকিৎসক ডাঃ ধনীৰাম বৰুৱা । মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ হৃদযন্ত্র অস্ত্রোপচাৰৰ সেই সাফল্যক পােনচাটেই নাকচ কৰি ডাঃ ধনীৰাম বৰুৱাই এতিয়া গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সংৰোপন কৰাৰ ব্যৱস্থা তেনেই পুৰণি বুলি দাবী কৰিছে । নিজৰ নতুন আৱিস্কাৰ এক বেজীৰ বাবে অচিৰেই চিকিৎসা বিজ্ঞানৰ নােবেল লাভ কৰিব বুলি আশাবাদী ডাঃ বৰুৱা ( Surgeon Dhaniram Baruah is expecting nobel prize) ।

চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা পাব নেকি ডাঃ ধনীৰাম বৰুৱাই ?
author img

By

Published : Jan 18, 2022, 3:26 PM IST

Updated : Jan 18, 2022, 3:31 PM IST

গুৱাহাটী, ১৮ জানুৱাৰী : আমেৰিকাৰ মেৰীলেণ্ডত ডাঃ বাৰ্টলে পি গ্ৰিফিথৰ নেতৃত্বত এদল ডাক্তৰে ‘জেন’ট্ৰেন্সপ্লাণ্টেছন’ৰ জৰিয়তে এজন ব্যক্তিৰ বক্ষত গাহৰিৰ হৃদপিণ্ড সফলভাৱে সংৰোপন কৰাৰ লগে লগে অসমত তীব্ৰ প্ৰতিক্ৰিয়া আৰু বহুল চৰ্চা আৰম্ভ হৈছে। এই চৰ্চা মূলতঃ এসময়ৰ প্ৰখ্যাত হাৰ্ট ছাৰ্জন ডাঃ ধনীৰাম বৰুৱাকেন্দ্ৰিক। বিলাতত চিকিৎসক হিচাপে সুনাম অৰ্জন কৰা ডাঃ ধনীৰাম বৰুৱাই এতিয়াৰ পৰা ২৫ বছৰ পূৰ্বে এটা বিৰল অস্ত্ৰোপচাৰৰ জৰিয়তে ঠিক একেদৰেই এজন লোকৰ বক্ষত গাহৰিৰ হৃদপিণ্ড সংৰোপন কৰিছিল (Dhaniram Baruah transplanted pig organs into human body)।

ৰোগী দুয়োজনৰ অৱস্থা একেই আছিল। দুয়ো এনে বিৰল চিকিৎসা অবিহনে যিকোনো মুহূৰ্ততে পৃথিৱীৰ পৰা চিৰবিদায় ল’লেহেঁতেন। আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰত লীড ছাৰ্জন বাৰ্টলে পি গ্ৰিফিথৰ নেতৃত্বত সফলভাৱে সম্পন্ন কৰা এই বিৰল অস্ত্ৰোপচাৰটো বিশ্বজুৰি স্বীকৃত হ’ল । কিন্তু প্ৰায় একেধৰণে ডাঃ ধনীৰাম বৰুৱাই সোণাপুৰৰ অখ্যাত হাৰ্ট চিটী নামৰ অত্যাধুনিক চিকিৎসাৰ সা-সুবিধা নথকা এটা স্থানত সম্পন্ন কৰা অস্ত্ৰোপচাৰটো প্ৰথমে ৰাজ্যজুৰি আৰু পাছত দেশজুৰি নিন্দিত হ’ল ।

Assam surgeon Dhaniram Baruah is expecting nobel prize
চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা পাব নেকি ডাঃ ধনীৰাম বৰুৱাই ?

বিশ্বজুৰি তেওঁ খ্যাতি অৰ্জন কৰাটো দূৰৈৰে চিকিৎসা বিজ্ঞানৰ বাবে দুৰূহ হিচাপে পৰিগণিত হোৱা এই অস্ত্ৰোপচাৰৰ পাছত কমেও ৪০ দিন কাৰাগাৰত থাকিবলগীয়া হ’ল ডাঃ ধনীৰাম বৰুৱা আৰু তেওঁৰ সহযোগী চিকিৎসক ডাঃ জনাথন হো কেই-ছিং । সেই বিৰল আৰু বিশ্বৰ ভিতৰতে অগ্ৰণী হিচাপে পৰিগণিত হ’ব পৰাৰ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ অস্ত্ৰোপচাৰটোৰ পাছত ডাঃ ধনীৰাম বৰুৱা যেন সমগ্ৰ অসমীয়াৰ বাবে শত্ৰু হৈ পৰিল ।

মূলতঃ সংবাদ মাধ্যমৰ ব্যাপক সমালোচনা আৰু আক্ৰমণাত্মক সংবাদ পৰিৱেশনৰ বাবেই অসমবাসীৰ ওচৰত ডাঃ ধনীৰাম বৰুৱা প্ৰৱঞ্চক চিকিৎসক হৈয়েই থাকিল । অৱশ্যে, শেহতীয়াকৈ পুনৰ চৰ্চালৈ অহাৰ লগতে শাৰীৰিকভাৱে সুস্থিৰ নহ'লেও পুনৰ উজ্জীৱিত হৈ উঠিছে ডাঃ ধনীৰাম বৰুৱা । মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ হৃদযন্ত্র অস্ত্রোপচাৰৰ সেই সাফল্যক পােনচাটেই নাকচ কৰি ডাঃ ধনীৰাম বৰুৱাই এতিয়া গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সংৰোপন কৰাৰ ব্যৱস্থা তেনেই পুৰণি বুলি দাবী কৰিছে । ডাঃ ধনীৰাম বৰুৱাৰ মতে বিগত ২৫ বছৰত তেওঁ আৱিষ্কাৰ কৰা চিকিৎসা বিজ্ঞানৰ অভূতপূর্ব কেইবিধমান বেজীৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ নােবেল বঁটা লাভ কৰিব বুলিও দাবী কৰিছে , এই সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমতো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ডাঃ ধনীৰাম বৰুৱাই দাবী কৰা মতে তেওঁৰ জৰিয়তে অসমে প্রথমটো নােবেল বঁটা লাভ কৰিব আৰু সেয়া হ’ব ভাৰতৰ বাবেও চিকিৎসা বিজ্ঞানৰ প্ৰথমটো নােবেল বঁটা । ডাঃ ধনীৰাম বৰুৱাৰ দাবী যে, এতিয়াৰ পৰা ২৫ বছৰ পূর্বেই তেওঁ মানৱ শৰীৰত গাহৰিৰ হৃদপিণ্ড সংৰোপন কৰি ‘জেন ট্রেন্সপ্লান্টেছন' যে সম্ভৱ সেয়া প্রমাণ কৰিছিল । সেয়ে এই দিশত তেওঁ চিকিৎসা বিজ্ঞানৰ বিশ্বৰ ভিতৰতে অগ্রণী ব্যক্তি বা বাটকটীয়া ।

তেওঁৰ পথেৰেই আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল চেণ্টাৰৰ চিকিৎসকসকলে এতিয়া গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সংৰোপন কৰিছে। সেই বাতৰিৰ লগতে এতিয়া একেলগে ডাঃ বাৰ্টলে পি গ্রিফিথ আৰু তেওঁৰ ফটো সংবাদ মাধ্যমে প্রকাশ কৰি ২৫ বছৰ পূর্বে তেওঁ কৰা অসাধ্য সাধনৰ স্বীকৃতি দিছে। সেই সময়ত অসমৰ সংবাদ মাধ্যমে তেওঁক বিৰােধিতা কৰিলেও এতিয়া তেওঁ বিশ্বজোৰা স্বীকৃতি লাভ কৰিছে বুলি তেওঁ দাবী কৰিছে ।

ডাঃ ধনীৰাম বৰুৱাৰ মতে এতিয়া আৰু সেই দিন নাই। কোনাে এজন লােকক সুস্থ কৰি তুলিবৰ বাবে ছাৰ্জাৰী অর্থাৎ শল্যচিকিৎসাৰ প্ৰয়ােজন নাই। সেয়ে ডাঃ গ্রিফিথে কৰা এই অস্ত্রোপচাৰৰ ব্যৱস্থা এতিয়া তেনেই পুৰণি বুলি দাবী কৰিছে ডাঃ ধনীৰাম বৰুৱাই । ডাঃ ধনীৰাম বৰুৱাই ঘােষণা কৰা মতে, তেওঁ গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সংস্থাপন কৰাৰ দহ বছৰ পাছত এনে এটা বেজী বা ইনজেকছৰ জৰিয়তে প্ৰদান কৰা ঔষধ আৱিষ্কাৰ কৰিছে, যাৰ দ্বাৰা হৃদৰােগ, কেঞ্চাৰ, যকৃতৰ ৰােগ আৰু আনকি এইডছত ভােগা ৰােগীও আৰােগ্য হয় (Dhaniram Baruah claimed cure for AIDS)।

সেই বেজীৰ বাবেই তেওঁ অচিৰেই চিকিৎসা বিজ্ঞানৰ নােবেল লাভ কৰিব বুলিও দাবী কৰিছে । তেওঁ আৱিষ্কাৰ কৰা সেই বেজী ইতিমধ্যে বিশ্বজুৰি পেটেন্ট হিচাপে স্বীকৃত হৈছে আৰু ব্রিটেইন, আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশত ব্যৱহাৰ হৈ আছে । বিগত ১৬ বছৰ ধৰি তেওঁ সেই ঔষধ নিজে সােণাপুৰত থকা চিকিৎসা কেন্দ্ৰৰ গৱেষণাগাৰত উৎপাদন কৰি বিদেশী ৰাষ্ট্ৰক যােগান ধৰি আছে । ডাঃ ধনীৰাম বৰুৱাৰ মতে শল্য চিকিৎসা পুৰণিকলীয়া পদ্ধতি আৰু এতিয়া আধুনিক বিশ্বত ইনজেকনেৰেই সকলাে ৰােগ নিৰাময় কৰা সম্ভৱ ।

তেওঁ যেতিয়া গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সংস্থাপন কৰিছিল তেতিয়া ৰাজ্যৰ অনেক চিকিৎসকে আপত্তি কৰিছিল। কিয়নাে সেইসকল চিকিৎসকে ছাৰ্জাৰীৰ জৰিয়তে বিশাল অংকৰ টকা উপার্জন কৰি আহিছে। ডাঃ ধনীৰাম বৰুৱাই আৱিষ্কাৰৰ ফলত সেই চিকিৎসকলৰ সান্দহ খােৱা বালি তল যায় বুলি আশংকা কৰিয়েই তেওঁলােকে তেওঁৰ বিৰােধিতা কৰিছিল। তথাপি তেওঁ ক্ষান্ত হােৱা নাছিল আৰু ইটোৰ পিছত সিটোকৈ ৰােগীৰ সম্পূর্ণ নিৰাময়ৰ বাবে আৱিষ্কাৰৰ পিছত আৱিষ্কাৰ কৰি গৈছিল ।

ডাঃ ধনীৰাম বৰুৱাই জনােৱা মতে তেওঁৰ এই আৱিষ্কাৰৰ কথা গােপন হৈ নাথাকিল । এতিয়াৰ পৰা কেইমাহমান পুর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে আমেৰিকা ভ্রমণ কৰাৰ সময়ত এজন চিকিৎসা বিজ্ঞানীৰ পৰা ডাঃ ধনীৰাম বৰুৱাৰ শেহতীয়া আৱিষ্কাৰৰ বিষয়ে জানিব পাৰে। ডাঃ বৰুৱাই সদৰি কৰা মতে বিগত ১৬ বছৰত তেওঁ তেনে ধৰণৰ দহটা পেটেন্ট উদ্ভাৱন কৰিছে । সেই সকলােবােৰ উদ্ভাৱনৰ বিষয়ে এখন গৱেষণা পত্ৰ তেওঁ প্রস্তুত কৰিছিল । প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে সেই বিষয়ে আমেৰিকা ভ্রমণকালত জানিব পাৰি ডাঃ ধনীৰাম বৰুৱাৰ পৰা উক্ত গৱেষণা পত্ৰ লৈ গৈছে। সেই গৱেষণা পত্ৰ অচিৰেই বিশ্বৰ আগশাৰীৰ মেডিকেল জার্নালত প্রকাশ হ’ব ।

প্রধানমন্ত্রী মােদীৰ তৎপৰতাতে তেওঁৰ গৱেষণা পত্র আন্তঃৰাষ্ট্ৰীয় স্তৰত প্রকাশ হ'ব বুলি আত্মবিশ্বাসী ডাঃ ধনীৰাম বৰুৱা । তেওঁ জনোৱা মতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে গ্রহণ কৰা পদক্ষেপৰ জৰিয়তেই তেওঁ নােবেল বঁটা লাভ কৰিব (Surgeon Dhaniram Baruah is expecting nobel prize)। শেহতীয়াকৈ তেওঁ আন এক বিৰল গৱেষনাৰ কথা সদৰি কৰিছে। তেওঁৰ নতুন আবিষ্কাৰে চিকিৎসা বিজ্ঞানলৈ অভাৱনীয় পৰিৱৰ্তন আনিব । এই উদ্ভাৱন তেওঁ এতিয়াও ৰাজহুৱা কৰা নাই আৰু সেইবাবে স্বীকৃতিও লাভ কৰা নাই ।

তেওঁ উদ্ভাৱন কৰা ইনজেছনৰ জৰিয়তে প্রদান কৰা ঔষধ এগৰাকী গৰ্ভৱতী নাৰীক প্ৰদান কৰাৰ পাছত তেওঁৰ ভূমিস্থ সন্তানৰ ভৱিষ্যতে কোনাে কালে কেঞ্চাৰ, এইডছকে ধৰি কোনাে ধৰণৰ দূৰাৰােগ্য বা ৰোগ নহয় । তদুপৰি ডাঃ ধনীৰাম বৰুৱাই এতিয়াৰ পৰা ২১ বছৰ পূর্বে আন এক ইনজেকছন আৱিষ্কাৰ কৰা বুলিও দাবী কৰে। সেই ইনজেকছন কোনাে এজন ব্যক্তিক প্রদান কৰিলে পৰৱর্তী ২০ বছৰৰ বাবে ব্যক্তিজনৰ শৰীৰলৈ বার্ধক্য নাহে । ইতিপূর্বে তেওঁ যােৰহাটৰ এজন ব্যক্তিক সেই ইনজেকচন দিছিল আৰু ২১ বছৰৰ পাছত এতিয়াও সেই ব্যক্তিজন ইনজেকচন প্ৰদান কৰাৰ সময়ৰ দৰেই হৈ আছে ।

তেওঁৰ আক্ষেপ যে তেওঁক তেতিয়াৰ প্রফুল্ল কুমাৰ মহন্তৰ চৰকাৰখনে শত্ৰু জ্ঞান নকৰা হ'লে তেতিয়াই তেওঁ সেই অভূতপূর্ব গাহৰিৰ হৃদপিণ্ডৰ অস্ত্রোপচাৰ জৰিয়তে অসমক প্ৰথমটো নােবেল বঁটা দিব পাৰিলেহেঁতেন । পিছে এতিয়াও তেওঁ অসমক নােবেল বঁটা দিয়াৰ আশা এৰা নাই, শাৰীৰিক অসুস্থাতাৰ বাবে কণ্ঠহীন হোৱা তথা শৰীৰৰ এটা অংশ ক্ৰিয়াহীন হৈ পৰা খ্যাতিমান চিকিৎসকগৰাকী এতিয়াও থমকি ৰোৱা নাই। ব্ৰতী হৈ আছে নিজৰ গৱেষণাকৰ্মত।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে ধমক দিয়া ঘটনাৰ তদন্ত ঘোষণা নগাঁও জিলা উপায়ুক্তৰ

Last Updated : Jan 18, 2022, 3:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.