ETV Bharat / city

চৰকাৰৰ ১০০ দিন : ৰাজ্যিক বিজেপিৰ গুণানুকীৰ্তন

author img

By

Published : Aug 21, 2021, 10:48 PM IST

এক সংবাদমেল যোগে শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দাঙি ধৰিলে চৰকাৰৰ ১০০ দিনৰ কামৰ খতিয়ান । চৰকাৰৰ স্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে কলিতা সহ দলীয় নেতা সকলে ৷

assam state bjp press meet on 100 days of  bjp government
চৰকাৰৰ ১০০ দিন : ৰাজ্যিক বিজেপিৰ গুণানুকীৰ্তন

গুৱাহাটী, ২১ আগষ্টঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ১০০ দিন সম্পূৰ্ণ কৰা উপলক্ষ্যে শনিবাৰে ৰাজ্যিক বিজেপিয়ে এখন সংবাদমেলৰ আয়োজন কৰে। মূলতঃ সংবাদমেলত চৰকাৰখনৰ ১০০ দিনীয়া কাৰ্যকালৰ গুণানুকীৰ্তন কৰা হয় । ৰাজ্যিক বিজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলখনত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় মাত্র ১০০ দিনতে এখন চৰকাৰৰ সম্পূর্ণ মূল্যায়ন সম্ভৱ নহয় যদিও এই সময়ছােৱাৰ প্ৰাৰম্ভিক কাৰ্যসূচী আৰু বিজেপিৰ নির্বাচনী সংকল্প পত্ৰত উল্লেখিত সংকল্প পূৰণৰ বাবে প্রণালীৱদ্ধ কার্যব্যৱস্থা হাতত লোৱা হৈছে ৷

ইয়াৰ ওপৰিও প্রশাসনৰ সংস্কামূলক ব্যৱস্থাই এক ফলপ্রসু, যুগান্তকাৰী আৰু ইতিবাচক দিশেৰে ৰাজ্যখনক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে । ১ লাখ নিবনুৱাক নিযুক্তি প্রদানৰ ব্যৱস্থা কৰা হৈছে ৷ অন্যান্য ক্ষেত্ৰত নিয়ােগ সৃষ্টিৰ ব্যৱহাৰিক ব্যৱস্থা গ্রহণ, ভাৰতীয় সংস্কৃতিত সদা পবিত্র বুলি গণ্য কৰা গাে-মাতাৰ সুৰক্ষাৰে ধর্মীয় আবেগ তথা সনাতন সংস্কৃতিৰ প্রতি সম্মান প্রদর্শন, গাে-ধনৰ অবৈধ বেহা ৰােধ, ড্রাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি উত্তৰ প্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ আদি সফল কার্য জনগণে স্বচক্ষে প্রত্যক্ষ কৰিছে ।

ক’ভিড মহামাৰীক নিয়ন্ত্রণ কৰাত অসম অন্যতম সফল ৰাজ্য হিচাপে দেশজুৰি প্রশংসিত । অৰুণােদয় আঁচনিৰ ধন পর্যায়ক্রমে বৃদ্ধি কৰাৰ সংকল্পলৈ লক্ষ্য ৰাখি প্রথম পর্যায়ত ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি পাইছে। মাইক্রফাইনেন্সৰ ঋণ মাফ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । অৰুণােদয়কে ধৰি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আৰু দিব্যাংগ সাহায্য নিশিচতভাৱে প্রতি মাহৰ ১০ তাৰিখে পােৱাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে ।

আত্ম নিৰ্ভৰ অসম গঢ়াৰ লক্ষ্যৰে কৃষি, মীন পালন, পশুপালন, দুগ্ধ উৎপাদন আদি ক্ষেত্ৰত বিজ্ঞানসন্মত আঁচনিৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । ৰাজ্যত কৃষি বিপ্লৱ গঢ়াৰ উদ্দেশ্য আগত ৰাখি অসমৰ বিভিন্ন প্ৰান্তত কৃষি খণ্ডৰ সামগ্রিক উন্নয়নৰ বাবে প্রকল্প প্রস্তুত কৰাৰ লগতে ছিপাঝাৰত ৭৭ হাজাৰ বিঘা কৃষি ভূমি কৃষি কাৰ্যৰ বাবে অধিগ্রহণ কৰি আঁচনি আৰম্ভ কৰা হৈছে । তেওঁ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী-বিধায়ক, দলৰ সমূহ কার্যকর্তালৈ কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে অসমবাসী ৰাইজৰ আশীর্বাদ কামনা কৰে ।
সংবাদ মেলত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই ৰাজ্য চৰকাৰক এশ দিন সম্পূর্ণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অতিকম সময়ৰ ভিতৰতে ৰাজ্যৰ প্রশাসন ব্যৱস্থাত সংস্কাৰ সাধন কৰিছে ৷ ৰাজ্যৰ সামগ্রিক প্রগতিত দ্রুত গতিশীলতা প্রদান কৰিছে । সম্প্রতি, বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক সমালােচনা কৰিবলৈ বিৰােধী দলসমূহৰ কোনাে ইছ্যু হাতত নাই। ক'ভিডৰ পৰিপ্ৰেক্ষিতত খাদ্য সামগ্ৰীৰ নিম্ন উৎপাদন আৰু যাতায়াতৰ অসুচলতাৰ বিষয়ে সর্বসাধাৰণ ৰাইজ জ্ঞাত ।

সকলোতে বেছিভাগ খাদ্য সামগ্রী আৰু পণ্য দ্রব্য আমাৰ ৰাজ্যই দেশৰ অন্য প্রান্তৰ পৰা আমদানি কৰিবলগীয়া হয় । উৎপাদক অঞ্চলতকৈ গ্রাহক অঞ্চলৰ মূল্য অৱধাৰিতভাৱে কিছু বেছি হােৱাৰ লগতে উৎস্যৰ মূল্য সম্পূর্ণ নিয়ন্ত্ৰণত ৰাখিব নােৱাৰি যদিও ৰাজ্য চৰকাৰে যত্নৰােনাস্তি চেষ্টা চলাই যথেষ্ট সফলতা লাভ কৰিছে । বর্তমান এইখন চৰকাৰ সকলাে ক্ষেত্ৰতে স্বাৱলম্বী হােৱাৰ লক্ষ্যৰে আগবাঢ়িছে ।
সংবাদমেলত দলৰ মুখপাত্র পবিত্র মাৰ্ঘেৰিটাই কয়, কা আন্দোলনৰ সময়ত অসমলৈ ১ কোটি ৯০ লাখ বাংলাদেশী আহিব বুলি অপপ্ৰচাৰ চলােৱা চক্ৰটোৱে পৰৱৰ্তী সময়ত প্ৰচাৰ চলাইছিল যে দিহিং পাটকাই অভয়াৰণ্য এই চৰকাৰৰ দিনত ধ্বংস হ’বলৈ আৰম্ভ কৰিছে । পিছে সংবাদ মাধ্যমৰ সবল আৰু নিৰপেক্ষ ভূমিকাৰ বাবে মিছা প্রচাৰৰ সেই অপচেষ্টা ব্যর্থ হৈছিল । দিহিং পাটকাই অভয়াৰণ্য এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃত ।

একেটা চক্রই ভাৰতৰত্ন লােকপ্রিয় গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি হ’ল বুলিও মিছা প্ৰচাৰ চলাইছিল যদিও সংবাদ মাধ্যমে প্রকৃত তথ্য প্রচাৰ কৰাৰ ফলত এই অপচেষ্টাও বিফল হ’ল। সংবাদমেলত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সাংসদ পল্লৱ লােচন দাস, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখপাত্র পবিত্র মাৰ্ঘেৰিটা, মুখপাত্র ৰূপম গােস্বামী আৰু সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল ।
লগতে পঢ়ক : তেজপুৰত জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.