ETV Bharat / city

বিধানসভাৰ অধ্যক্ষৰ পচন্দ নহ’ল নতুন ভৱন: চলিল বুলডজাৰ

সুদীৰ্ঘ এটা দশকজুৰি নিৰ্মাণ কাৰ্য চলি থকা অসম বিধানসভাৰ নতুন ভৱনটোৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিল ৷ পিছে ভৱনটো হেনো পচন্দ নহল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৷

author img

By

Published : Aug 28, 2021, 10:50 PM IST

assam-legislative-assembly-speaker-ordres-to-break-newly-made-assam-assembly-building
বিধানসভাৰ অধ্যক্ষৰ পচন্দ নহ’ল নতুন ভৱন : চলিল বুলডজাৰ

গুৱাহাটী, ২৮ আগষ্ট : অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনত শনিবাৰে হঠাৎ চলিল বুলডজাৰ । সুদীৰ্ঘ এটা দশকজুৰি নিৰ্মাণ কাৰ্য চলি আছিল বিশেষ ভৱনটোৰ ৷ অৱশেষত নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা অসম বিধানসভাৰ নতুন ভৱনটোৰ সমূখভাগ ইতিমধ্যে বুলডজাৰেৰে ভাঙি পেলোৱা হৈছে । প্ৰাপ্ত খবৰ মতে, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশতে ভাঙি পেলোৱা হৈছে এই নতুন ভৱনটোৰ সমূখৰ অংশ ।

অধ্যক্ষ গৰাকীৰ মতে এই ভৱনটো যিহেতু প্ৰায় দহ বছৰ পূৰ্বৰে পৰাই নিৰ্মাণ চলি আছিল গতিকে বৰ্তমানৰ সময়ৰ সৈতে খাপ খাব পৰাকৈ ই নিৰ্মাণ হৈ উঠা নাই । যাৰ বাবে সমূখৰ অংশটো ভাঙি এতিয়া ভৱনটো নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । উল্লেখযোগ্য যে পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত বিধানসভাৰ অন্তিম অধিবেশনৰ অন্তিম দিনটোৰ কাৰ্যক্ৰমণিকা এই নতুন ভৱনতে সম্পন্ন কৰা হৈছিল ।

assam-legislative-assembly-speaker-ordres-to-break-newly-made-assam-assembly-building
নিৰ্মীয়মান অৱস্থাত অসম বিধানসভাৰ ভৱনটো

আনকি বিধানসভাৰ আগন্তুক ডিচেম্বৰ মাহৰ অধিবেশনো এই বিশেষ নৱ-নিৰ্মিত ভৱনটোতে অনুষ্ঠিত হোৱাৰ কথা আছিল ।

তেনেক্ষেত্ৰত ডিচেম্বৰৰ পূৰ্বে এই নতুন ভৱনৰ সমূখভাগ পুনৰ নিৰ্মাণ হৈ উঠিব নে নাই সেইয়াও এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে । মনকৰিবলগীয়া যে, এই নৱ নিৰ্মিত অসম বিধানসভাৰ ভৱনটোৰ সৈতে সংলগ্ন হৈ থকা আনটো ভৱনো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । সেই ভৱনটো সম্পূৰ্ণ হৈ উঠিলে সেইটো হ’ব সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ ভিতৰতে সুউচ্চ ভৱন ।

লগতে পঢ়ক : মহাজোটৰ মহাঅংক: অখিল গগৈ দিল্লীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.