ETV Bharat / city

ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ - Assam govt going to purchase 20 percent stake

উত্তৰ প্ৰদেশত নিৰ্মীয়মাণ নেয়ভেলী বিদ্যুৎ প্ৰকল্পৰ ২০ শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ প্ৰস্তাৱ অসম চৰকাৰৰ । অসম চৰকাৰে শেহতীয়াকৈ সৌৰ শক্তিৰ দিশটোত গুৰুত্ব দি এহেজাৰ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে । ইতিমধ্যে ৭০ মেগাৱাট ক্ষমতাসম্পন্ন আমগুৰি সৌৰ প্ৰকল্প মুকলি কৰা হৈছে । অসমক ২০৩০ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনত স্বাৱলম্বী কৰাৰ লক্ষ্যৰে এ পি জি চি এলে লৈছে কেইবাটাও নতুন প্ৰকল্প ।

ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ

author img

By

Published : Jun 15, 2022, 9:19 PM IST

গুৱাহাটী, ১৫ জুন: ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুতৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে বৰ্তমানলৈ কাৰ্যতঃ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ হোৱা নাই । অৱশ্যে বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ বাবে চৰকাৰে নিজা উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে কেইবাটাও প্ৰকল্পত কাম কৰি আছে । শেহতীয়াকৈ ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে অসম চৰকাৰে উত্তৰ প্ৰদেশত নির্মীয়মাণ নেয়ভেলী বিদ্যুৎ প্ৰকল্পৰ ২০ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব বিচাৰিছে (Assam govt going to purchase 20 percent stake of Neo Valley Lignite Corporation) । নেয়ভেলী লিগনাইট কৰ্প'ৰেশ্যন ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে এই কথা প্ৰকাশ কৰিছে ।

ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ
ৰাজ্যবাসীক ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ

তেওঁ জানিবলৈ দিয়া মতে অসম চৰকাৰে অংশীদাৰিত্ব বিচাৰি জনোৱা এই প্ৰস্তাৱ সম্প্ৰতি উত্তৰ প্ৰদেশ চৰকাৰে বিবেচনা কৰি আছে । উল্লেখ্য যে ১,৯৮০ মেগাৱাট শক্তি সম্পন্ন নেয়ভেলী বিদ্যুৎ প্ৰকল্পটো উত্তৰ প্ৰদেশৰ কানপুৰ জিলাৰ ঘটামপুৰত নিৰ্মাণ কৰি থকা হৈছে । ২০২৩ চনৰ মাৰ্চ মাহত কয়লাৰে চলিবলগীয়া এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ উৎপাদন কাৰ্য আৰম্ভ হ'ব । নেয়ভেলী লিগনাইট কৰ্প'ৰেশ্যন ইণ্ডিয়া আৰু উত্তৰ প্ৰদেশ ৰাজ্য বিদ্যুৎ উৎপাদন নিগম লিমিটেডৰ যৌথ উদ্যোগত নিৰ্মাণ কৰি থকা প্ৰকল্পটোৰ ৫১ শতাংশ অংশীদাৰিত্ব হৈছে নেয়ভেলী লিগনাইট কৰ্প'ৰেশ্যনৰ ।

ইফালে ৰাজ্যখনৰ ভিতৰতে উৎপাদনত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি অসম চৰকাৰে শেহতীয়াকৈ সৌৰ শক্তিৰ দিশটোত গুৰুত্ব দি এহেজাৰ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে । ইয়াৰ বাবে ৰাজ্য চৰকাৰখনে নেয়ভেলী লিগনাইট কৰ্প'ৰেশ্যনৰ সৈতে যুটীয়া কোম্পানী গঠন কৰিব । ইতিমধ্যে ৰাজ্যিক কেবিনেটে এই কোম্পানী গঠনৰ ক্ষেত্ৰত অনুমতিও প্ৰদান কৰিছে ।

উল্লেখ্য যে অসমক ২০৩০ চনৰ ভিতৰত বিদ্যুৎ উৎপাদনত স্বাৱলম্বী কৰাৰ বাবে এ পি জি চি এলে কেইবাটাও নতুন প্ৰকল্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে । এ পি জি চি এলে মুঠ ১৪ টা নতুন প্ৰকল্প হাতত লৈছে আৰু ইয়াৰে এটা সম্পূৰ্ণ হৈছে আৰু চাৰিটা প্ৰকল্পৰ নিৰ্মাণকাৰ্য অব্যাহত আছে । সংশ্লিষ্ট কৰ্তৃপক্ষৰ শীৰ্ষ মহলে জনোৱা মতে ২০৩০ চনৰ ভিতৰত এ পি জি চি এলে ৰাজ্যখনত ৫ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে । সম্প্ৰতি ৰাজ্যখনত নিজাববীয়া বিদ্যুৎ উৎপাদনৰ পৰিমাণ হ’ল মাত্ৰ ৩০০ মেগাৱাট (Assam self produce power is 300 MW) ।

ৰাজ্যখনত এ পি জি চি এলৰ যিকেইটা বিদ্যুৎ উৎপাদন প্ৰকল্প আছে, সেই প্রকল্পকেইটাৰ উৎপাদন ক্ষমতা হ’ল ৪৪৩.৬ মেগাৱাট । কিন্তু ইয়াৰে আধা পৰিমাণৰ বিদ্যুতহে কার্যতঃ উৎপাদন হয় । প্ৰকল্পকেইটাই ক্ষমতা অনুযায়ী কোনোদিনেই সম্পূর্ণ বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই । যাৰ বাবে বাহিৰৰ উৎসৰ পৰা নিয়মীয়াকৈ বিদ্যুৎ ক্ৰয় কৰি চাহিদা পূৰ কৰি থাকিব লগা হৈছে । সম্প্ৰতি পিক আৱাৰ্ছত প্ৰতিদিনে ৰাজ্যখনত প্ৰয়োজন হয় ১,৮৭৪ মেগাৱাট বিদ্যুৎ । আনহাতে সাধাৰণ অৱস্থাত প্ৰয়োজন হয় প্ৰায় ১,২৮৩ মেগাৱাট ।

প্ৰয়োজন হোৱা এই বিদ্যুৎ বৰ্তমানৰ প্ৰকল্পকেইটাৰ পৰা উৎপাদন কৰা কোনো কাৰণতে সম্ভৱ নহয় । কাৰণ সেই প্ৰকল্পকেইটাৰ উৎপাদন ক্ষমতাই মাত্ৰ ৪৪৩.৬ মেগাৱাটত আবদ্ধ । এনে কাৰণত নতুন প্ৰকল্পৰ সংযোগ ঘটাই ২০৩০ চনৰ ভিতৰত মুঠ ৫ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে এ পি জি চি এলে । নতুনকৈ সংযোগ হ’ব লগা ১৪টা নতুন প্ৰকল্পৰ পৰা ৪,৬৫২.৫ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব বুলি এ পি জি চি এলে আশা ব্যক্ত কৰিছে । ইতিমধ্যে ৭০ মেগাৱাট ক্ষমতাসম্পন্ন আমগুৰি সৌৰ প্ৰকল্প মুকলি কৰা হৈছে ।

লগতে পঢ়ক: 20 জুনত শপত: তুলিৰাম ৰংহাঙেই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্যবাহী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.