গুৱাহাটী, 11 জানুৱাৰী : সোমবাৰৰ পৰা কামৰূপ(ম) জিলাৰ ক্ষেত্ৰীৰ ধান ক্ৰয় কেন্দ্ৰ ( Khetri Paddy Purchase Centre ) ত খাৰিফ বৰ্ষ 2021-22 (2021-22 kharif marketing year) ৰ অন্তৰ্গত চৰকাৰৰ দ্বাৰা ঘোষিত নুন্যতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কাৰ্যসূচী আৰম্ভ হয় ৷
এই কাৰ্যসূচীত কামৰূপ(ম) ৰ জিলা অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ আৰু চক্ৰ বিষয়া হিমাদ্ৰী বৰা উপস্থিত থাকি ধান ক্ৰয়ৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৷ সোমবাৰে ক্ষেত্ৰীৰ ধান ক্ৰয় কেন্দ্ৰত ভাৰতীয় খাদ্য নিগমে (Food Corporation of India) কেবাজনো কৃষকৰ পৰা নিৰ্ধাৰিত মূল্যত ধান ক্ৰয় কৰে ।
ইপিনে মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাৰ কৃষকসকলৰ মাজত ধান ক্ৰয় কেন্দ্ৰ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে সংশ্লিষ্ট বিষয়া-বৰ্গক নিৰ্দেশ প্ৰদান কৰে ৷ উচিত মূল্য পোৱাৰ বাবে কৃষকসকলক সংশ্লিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগ কৰি পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।
উল্লেখ্য যে, কৃষকসকলে কোনো ধৰণৰ মধ্যভোগী নোহোৱাকৈ নুন্যতম সমৰ্থন মূল্যত এই ধান বিক্ৰী কেন্দ্রত ধান বিক্ৰী কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ।
মহানগৰ জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি, উচিত মূল্য পোৱাৰ বাবে কৃষকসকলে নডেল বিষয়া নিৰাদ চন্দ্ৰ নাথ (সোণাপুৰ) ম'বাইল নম্বৰ - ৮০১১৫-৭৭১৯০, প্ৰফুল্ল চেতিয়া (সাতগাঁও) ম'বাইল নম্বৰ- ৯৪৩৫১-৮৫৯৬১, জ্যোতি কোঁৱৰ (ক্ষেত্ৰী) ম'বাইল নম্বৰ- ৯১০১৩-৩২৬৩৩, প্ৰদীপ মেধি (ধাৰাপুৰ) ম'বাইল নম্বৰ- ৮৬৩৮৫-৪৯৮৩৩ আৰু বৰ্ণালী মেধি (ৰাণী) ম'বাইল নম্বৰ- ৯৯৫৪৭-০৯০৬১ ৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে ৷
লগতে পঢ়ক : Covid 19 cases increase in Assam : ৰাজ্যত নতুনকৈ 2198 গৰাকী লোক কৰ’ণাত আক্ৰান্ত