ETV Bharat / city

Urban Development: ৰাজ্যৰ সকলো নগৰৰ উন্নয়নৰ বাবে চৰকাৰৰ সিদ্ধান্ত

author img

By

Published : Feb 11, 2022, 7:14 PM IST

ৰাজ্যৰ চহৰকেইখনক এক নতুন ৰূপ দিয়াৰ চেষ্টা ৰাজ্য চৰকাৰৰ (Government decides to develop all cities in Assam) ৷ আগন্তুক কেইটামান বছৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাত বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সকলো জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাষলৈ স্থানান্তৰিত কৰা হ'ব ৷

assam-government-has-taken-some-steps-for-the-development-of-city
ৰাজ্যৰ সকলো নগৰৰ উন্নয়নৰ বাবে চৰকাৰৰ সিদ্ধান্ত

গুৱাহাটী, 11 ফেব্ৰুৱাৰী : ৰাজ্যৰ চহৰ সমূহৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ পদক্ষেপ (Government decides to develop all cities in Assam) । কিছুদিন পূ্ৰ্বে এক সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ই জনায় যে, ৰাজ্যৰ সৰু বৰ চহৰ নগৰবোৰৰ আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই সিদ্ধান্তসমূহ ক্ৰমে, ৰাজ্যৰ যিবোৰ চহৰৰ মাজত কাৰাগাৰ আছে সেইসমূহ কাৰাগাৰ চহৰৰ মাজমজিয়াৰ পৰা চহৰৰ পাৰ্শ্বৱৰ্তী এলেকালৈ স্থানান্তৰ কৰা হ'ব, ৰাজ্যৰ প্ৰতিখন জিলাত বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সকলো জিলা পৰ্যায়ৰ কাৰ্যালয়সমূহ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰলৈ স্থানান্তৰিত কৰা হ'ব ৷

লগতে এই কাৰ্যালয়সমূহ স্থানান্তৰিত কৰাৰ পিছত মুকলি হৈ পৰা ঠাইসমূহত 500 ৰ পৰা 1000 জন মানুহ বহিব পৰা একোখনকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব । চৰকাৰে নগৰসমূহৰ যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিব । আগন্তুক চাৰি বছৰৰ ভিতৰত এই কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে ৷

ইপিনে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰতিখন চহৰৰ উন্নয়নৰ বাবে মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হ'ব । এইবাৰ বাজেটত নগৰৰ উন্নয়নৰ দিশটো বিশেষভাৱে প্ৰতিফলিত হ'ব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে । উল্লেখ্য যে, ৰাজ্য চৰকাৰে ৰাজ্যৰ চহৰবোৰত কেন্দ্ৰীয় চৰকাৰৰ Amrut আঁচনিৰ সহায়ত পাইপৰে পানী যোগান ধৰাৰ লক্ষ্য চলিত বছৰত সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : Tragic incident in Barpeta : একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু, 4 জন চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.