গুৱাহাটী, ১০ জুন : দুবছৰৰ বিৰতিৰ পিছত নীলাচল পাহাৰৰ বুকুত অনুস্থিত হ’ব অম্বুবাচী মেলা (Ambubashi mela in Kamakhya temple)। ক’ভিডৰ বাবে যোৱা দুটা বছৰে অনুষ্ঠিত হোৱা নাছিল অম্বুবাচী মেলা । কিন্তু এইবাৰ পৰিস্থিতি স্বাভাৱিক হোৱাত ২২ জুনৰ পৰা নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা । অম্বুবাচীমেলাৰ বাবে দেৱালয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে (Preparation for Ambubachi)।
এই বিষয় সম্পৰ্কে কামাখ্যা দেৱালয়ৰ বৰদলৈ কবিন্দ্ৰ শৰ্মাই কয় যে, ক’ভিড পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰ অম্বুবাচী মেলা বন্ধ ৰখা হৈছিল । এইবাৰ ধৰ্মীয় ৰীতি-নীতিৰে অম্বুবাচী মহোৎসৱ পালন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । অম্বুবাচী মেলা কি ধৰণে পালন কৰা হ’ব এই সম্পৰ্কে জিলা প্ৰশাসন, অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ লগত কেইবাখনো আলোচনা হৈছে (Assam Ambubachi mela)।
এইবেলি ২২ জুনত নিশা ৮.১৮ মিনিটত প্ৰবৃতি হ’ব । লগে লগে মন্দিৰৰ দুৱাৰ বন্ধ হ’ব । একাদিক্ৰমে পৰম্পৰা অনুসৰি তিনি দিনলৈ মন্দিৰৰ দুৱাৰ বন্ধ থাকিব ৷ সেই সময়ত দেৱীৰ ভোগ-পূজা আদি বন্ধ থাকে । ২৬ জুনত পুৱা নিত্য পূজা সমাপন হোৱাৰ পিছতে দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হ’ব ।
ক’ভিড পৰিস্থিতি আৰু স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দৰ্শনাৰ্থী সকলৰ বাবে নীলাচল পাহাৰৰ ওপৰত কোনো ধৰণৰ থকা-খোৱা কেম্প নাথাকিব । ঠায়ে ঠায়ে জিলা প্ৰশাসনৰ ফালৰ পৰা দুই এটা কেম্পৰ ব্যৱস্থা থাকিব যদিও নীলাচল পাহাৰত কেম্প নাথাকিব । এইবাৰ অম্বুবাচী মেলাত পূৰ্বৰ তুলনাত দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে বৰদলৈগৰাকীয়ে ।
কিয়নো ২০১৭, ২০১৮, ২০১৯ ৰ তুলনাত যোৱা অক্টোবৰ মাহত মন্দিৰ খোলাৰ পিছত দিনে দিনে দৰ্শনাৰ্থীৰ সমাগম হোৱা পৰিলক্ষিত হৈছে । তাৰ ওপৰত ভিত্তি কৰিয়েই অম্বুবাচী মেলাত দেশ-বিদেশৰ দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰা হৈছে । মেলাৰ সময়ত ক’ভিড প্ৰট’কল হিচাপে মাস্ক পৰিধান কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আদি ব্যৱস্থা থাকিব । লগতে যাত্ৰীৰ বাবে খোৱা পানী, স্বাস্থ্য কেন্দ্ৰ আদিৰো ব্যৱস্থা থাকিব ।
ইপিনে, মেলাৰ সময়ত পূৰ্বতে থকা বিনামূলীয়া ৰেল সেৱা সীমিত কৰিবলৈ মন্দিৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা ৰেল বিভাগক অনুৰোধ জনোৱা হৈছে । প্ৰতি বছৰৰ দৰে এইবাৰো মেলালৈ ১৫ জুনৰ পিছত সাধু-সন্যাসীৰ আগমন ঘটিব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ।
লগতে পঢ়ক : দুবছৰ পিছত পুনৰ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা