ETV Bharat / city

বেংগালুৰুত অসম ভৱন নিৰ্মাণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - নতুন দিল্লীৰ দ্বাৰকা

শনিবাৰে ৰাজ্যৰ পাঁচটাকৈ সমষ্টিৰ বাবে অনুষ্ঠিত হয় উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ তাৎপৰ্যপূৰ্ণভাৱে অসমত উপ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকা সময়তে বেংগালুৰুত বাহৰ পাতি আছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

assam cm visit the proposed site of Assam Bhawan at Bengaluru today
বেংগালুৰুত অসম ভৱন নিৰ্মাণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
author img

By

Published : Oct 30, 2021, 8:26 PM IST

গুৱাহাটী, ৩০ অক্টোবৰ : ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত শনিবাৰে উপ নিৰ্বাচনৰ ভোটদান চলি থকা সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই বেংগালুৰুত বাহৰ পাতি আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে বেংগালুৰুত নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত অসম ভৱনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে । ড৹ শৰ্মাই পৰিদৰ্শন কালত বিষয়াবৰ্গৰ সৈতে প্ৰস্তাৱিত অসম ভৱনৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে ।

assam cm visit the proposed site of Assam Bhawan at Bengaluru today
বেংগালুৰুত অসম ভৱন নিৰ্মাণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

তেওঁ বেংগালুৰু উন্নয়ন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি এই সম্পৰ্কীয় যাৱতীয় অনুমতি আদিৰ ব্যৱস্থা কৰিবলৈও বিষয়াবৰ্গক নিৰ্দেশ দিয়ে‌ । স্মৰ্তব্য যে, অসম চৰকাৰে ইতিমধ্যে নতুন দিল্লীৰ দ্বাৰকা, কলকাতাৰ ৰাছেল ষ্ট্ৰীট, চণ্ডীগড়,পণ্ডিচেৰী আৰু হায়দৰাবাদকে ধৰি দেশৰ কেইবাখনো চহৰত অসম ভৱন নিৰ্মাণৰ পদক্ষেপ হাতত লৈছে । নতুন দিল্লীৰ দ্বাৰকাত নিৰ্মাণ হ’বলগীয়া অসম ভৱনত অসমৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ বাবে বিশেষ ব্যৱস্থা ৰাখিবলৈও বিষয়াবৰ্গক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : 69.60 শতাংশ ভোটদানেৰে পাঁচ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটদান সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.