ETV Bharat / city

Assam Meghalaya border conflict : আছু-এবছুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে মুখ্যমন্ত্রীৰ বৈঠক - মন্ত্রী ডাঃ ৰণোজ পেগু

মেঘালয়ৰ সৈতে সীমা সমস্যা(Assam Meghalaya border conflict)ক লৈ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত আছু, এবছু, নিখিল ৰাভা ছাত্র সন্থা, গাৰো ছাত্র সন্থা আৰু গোৰ্খা ছাত্র সন্থাৰ প্ৰতিনিধি (Assam CM discusses border issues with regional organizations) । ২০১১ চনৰ অৱস্থিতিৰ ভিত্তিতেই অসম-মেঘালয় সীমা সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা আছুৰ । আলোচনাৰ মাজেৰেই সীমা সমস্যাৰ স্থায়ী সমাধান বিচৰা হৈছে। ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পূৰ্বে অসমৰ দল-সংগঠনৰ মতামত গ্ৰহণ কৰ‍া হৈছে ।

assam-cm-meets-regional-organizations-to-discuss-border-issues-with-meghalaya
Assam Meghalaya border conflict : আছু-এবছুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে মুখ্যমন্ত্রীৰ বৈঠক
author img

By

Published : Jan 18, 2022, 8:10 PM IST

গুৱাহাটী, ১৮ জানুৱাৰী : অসম-মেঘালয়ৰ সীমা সমস্যাক লৈ মঙলবাৰে কইনাধৰাৰ ১নং অতিথিশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দুখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । দিনৰ ভাগত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হোৱাৰ পাছত বিয়লি আছু আৰু এবছুকে ধৰি কেইবাটাও জাতীয় আৰু জনজাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা বৈঠকত মিলিত হয় (Assam CM discusses border issues with regional organizations) । বৈঠকত অসম-মেঘালয়ৰ সীমাকলৈ বিবদমান(Disputed areas in Assam Meghalaya border) ১২টা স্থানৰ ৬টা স্থানৰ সমস্যা সমাধানক লৈ আলোচনা কৰা হয় ।

Assam Meghalaya border conflict : আছু-এবছুকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে মুখ্যমন্ত্রীৰ বৈঠক

এই ছটা স্থান ক্ৰমে তাৰাবাৰী, গিজাং, বকলাপাৰা,পিলিংকাটা, ৰাতাচাৰা আৰু হাহিম। সীমা সমস্যা সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ বৈঠকত আছু, এবছু, নিখিল ৰাভা ছাত্র সন্থা, গাৰো ছাত্র সন্থা আৰু গোৰ্খা ছাত্র সন্থাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে । বৈঠকৰ অন্তত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief advisor Samujjal Bhattacharjya) সংবাদ মাধ্যমৰ আগত কয় যে, আমি কেউটা সংগঠনে ছটা বিবাদমান এলেকাৰ ৰাইজৰ লগত কথা পতাৰ পিছত আমি আমাৰ মতামত দাঙি ধৰিম (AASU on Assam Meghalaya border issue) ।

আমি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীক সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে আহ্বান জনাইছো । মুখ্যমন্ত্রীয়ে দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ বৰ্তমানৰ স্থিতি সম্পৰ্কত অৱগত কৰিছে বুলি কৈ তেওঁ, 'নেছ'ৰ ফালৰ পৰাও আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰি আছো বুলি উল্লেখ কৰে ৷ ড৹ ভট্টাচাৰ্যই পুনৰ কয়, '' আজি আমি মুখ্যমন্ত্রীৰ আগত আছুৰ দৃষ্টিভংগী দাঙি ধৰিছো । '' ২০১১ চনৰ অৱস্থিতিৰ ভিত্তিতেই অসম-মেঘালয় সীমা সমস্যাৰ স্থায়ী সমাধান হ'ব লাগিব বুলি তেওঁ সদৰি কৰে। আমি আলোচনাৰ মাজেৰে এই সমস্যাৰ স্থায়ী সমাধান বিচাৰিছো বুলি তেওঁ কয় ।

আনহাতে, বৈঠকৰ অন্তত মন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে, সীমা সমস্যা সন্দৰ্ভত আজি মুখ্যমন্ত্রীৰ সভাপতিত্বত দুখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । দিনৰ ভাগত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হোৱাৰ পাছত বিয়লি কেইবাটাও জাতীয় আৰু জনজাতীয় সংগঠনৰ নেতৃত্বৰ লগত বৈঠক অনুষ্ঠিত হয়। তেওঁ কয় যে, আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ ৰাজ্য চৰকাৰে কৰিব নোৱাৰে । সীমা নিৰ্ধাৰণ কেন্দ্ৰীয় চৰকাৰে কৰিব ।

এইক্ষেত্রত ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও সদৰি মন্ত্ৰী ডাঃ পেগুই । ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ পূৰ্বে অসমৰ দল-সংগঠনৰ মতামত গ্ৰহণৰ বাবে আজি এই বৈঠক অনুষ্ঠিত কৰা হৈছে বুলিও কয় তেওঁ । তেওঁ পুনৰ কয় যে, অসম-মেঘালয়ৰ ১২ টা বিবাদমান এলেকাৰ ভিতৰত ছটা এলেকাৰ বিবাদ মীমাংসা কৰাৰ বাবে চৰকাৰখন আগবাঢ়িছে ।

লগতে পঢ়ক : ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কি ক’লে ABSU ৰ সভাপতিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.