ETV Bharat / city

কেন্দ্ৰীয় বিত্তমন্ত্রীৰে মুখ্যমন্ত্রীৰ মত বিনিময়

author img

By

Published : Mar 10, 2022, 9:41 PM IST

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন (Union Finance minister Nirmala Sitharaman) আৰু কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী ভগৱত কিষাণৰাও কাৰাদৰ সৈতে অসমত ষ্টাৰ্ট-আপ খণ্ডৰ বিকাশ সম্পৰ্কে এক আলোচনাত মিলিত হয় ৷

himanta-biswa-sarma-attended-an-interactive-session-to-discuss-ways-to-develop-start-up-ecosystem
কেন্দ্ৰীয় বিত্তমন্ত্রীৰে মুখ্যমন্ত্রীৰ মত বিনিময়

গুৱাহাটী, 10 মাৰ্চ : বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন (Union Finance minister Nirmala Sitharaman) আৰু কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী ভগৱত কিষাণৰাও কাৰাদৰ সৈতে অসমত ষ্টাৰ্ট-আপ খণ্ডৰ বিকাশ সম্পৰ্কে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে (Interactive session to discuss ways to develop start-up ecosystem in Assam) ।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যখনত ষ্টাৰ্ট-আপৰ প্ৰসাৰৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি অসম চৰকাৰ আৰু ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকে (SIDBI) ষ্টাৰ্ট-আপ উদ্যোগীসকলৰ প্ৰচাৰৰ লগতে তেওঁলোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ মানসেৰে এক যুটীয়া পুঁজি বিকশিত কৰাৰ সিদ্ধান্ত লৈছে বুলি জনায় ৷

লগতে, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত মধ্যস্তৰৰ ষ্টাৰ্ট-আপ আন্তঃগাঁথনি স্থাপনৰ ক্ষেত্ৰতো চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে । ষ্টাৰ্ট-আপ খণ্ডক উৎসাহিত কৰাৰ বাবে অন্যান্য প্ৰতিষ্ঠানক হস্তান্তৰ কৰাৰ ক্ষেত্ৰত আই আই টিৰ ভূমিকা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে । এই অনুষ্ঠানত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, আই আই টি গুৱাহাটীৰ সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সমন্বিতে ষ্টাৰ্ট-আপ উদ্যোগীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক : গুৱাহাটীত 'বাজেট-পৰৱৰ্তী বাৰ্তালাপ' শীৰ্ষত অনুষ্ঠানত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.