ETV Bharat / city

১৩৫ বছৰ পুৰণি বিভাগৰ নাম সলনিৰে নতুন নাম "লোকনিৰ্মাণ বিভাগ" - গড়কাপ্তানী বিভাগৰ নতুন নাম হ'ব লোকনিৰ্মাণ বিভাগ

১৩৫ বছৰীয়া অসম চৰকাৰৰ এটা বিভাগৰ নাম সলনি হ'ল । ১৮৮৫ চনত বৃটিছ চৰকাৰে অসমত এইটো বিভাগ গঠন কৰিছিল । নাম দিছিল "গড়কাপ্তানী বিভাগ" । কিন্তু এতিয়াৰে পৰা গড়কাপ্তানী বিভাগৰ নতুন নাম হ'ব "লোকনিৰ্মাণ বিভাগ" ।

১৩৫ বছৰ পুৰণি বিভাগৰ নাম সলনিৰে নতুন নাম "লোকনিৰ্মাণ বিভাগ"

author img

By

Published : Sep 24, 2020, 2:53 AM IST

গুৱাহাটী, 23 ছেপ্টেম্বৰ : ১৩৫ বছৰীয়া অসম চৰকাৰৰ এটা বিভাগৰ নাম সলনি হ'ল । অসমৰ আটাইতকৈ পুৰণি চৰকাৰী বিভাগটো এতিয়াৰে পৰা আৰু পূৰ্বৰ সেই ১৩৫ বছৰ পুৰণি নামেৰে পৰিচিত নহ'ব । এই ঐতিহাসিক বিভাগটো হৈছে গড়কাপ্তানী বিভাগ । ১৮৮৫ চনত বৃটিছ চৰকাৰে অসমত এইটো বিভাগ গঠন কৰিছিল । নাম দিছিল "গড়কাপ্তানী বিভাগ" । সুদীৰ্ঘ ১৩৫ বছৰজুৰি এই নামেৰেই অসমৰ ৰাইজৰ মাজত পৰিচিত হৈ আহিছে বিভাগটো । কিন্তু এতিয়াৰে পৰা গড়কাপ্তানী বিভাগৰ নতুন নাম হ'ব "লোকনিৰ্মাণ বিভাগ" । ইতিমধ্যে "গড়কাপ্তানী" বিভাগৰ নাম সলনি কৰি "লোকনিৰ্মাণ বিভাগ" নাম ৰাখিবলৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । বিভাগটোৰ নাম সলনিৰ এই সিদ্ধান্তত বুধবাৰে অনুমোদন জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক : প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহত নিশা আৰক্ষী আৰু চিআইডিৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.