ETV Bharat / city

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : স্বপ্ন ভংগ জ্যেষ্ঠ নেতাৰ ! - অসম মন্ত্ৰীসভাৰ দুখনকৈ আসন পুৰণ

ভবা কথা নহ'ল সিদ্ধিঃ কাৰ কাৰ আশাত পৰিল চেঁচা পানী ! অৱশেষত বহুদিন ধৰি খালী হৈ থকা অসম মন্ত্ৰীসভাৰ দুখনকৈ আসন পূৰণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসম মন্ত্ৰীসভাৰ খালী হৈ থকা দুখনকৈ আসনৰ পূৰণ কৰিলে শনিবাৰে ৷

Yogen Mohan and Sanjay Kishan takes Oath as Ministers
অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, কোনে পালে মন্ত্ৰীত্ব
author img

By

Published : Jan 18, 2020, 6:02 PM IST

Updated : Jan 27, 2020, 1:06 PM IST

গুৱাহাটী, 18 জানুৱাৰীঃ অৱশেষত পূৰণ মন্ত্ৰীসভাৰ খালী হৈ থকা দুখনকৈ আসন ৷ শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰণ কৰিলে খালী হৈ থকা দুখনকৈ আসন ৷ কিন্তু মন্ত্ৰীত্ব পাম বুলি আশাপালি থকা বহুকেইগৰাকী বিধায়কৰ বাবে শনিবাৰৰ দিনটো বৰ বেছি সুখদায়ক নহ'ল ৷ আচলতে মন্ত্ৰীসভাত খালী হৈ আছিল মুঠ তিনিখন আসন, কিন্তু আজি তাৰ দুখনকৈ আসনহে পূৰণ কৰা হয় ৷ মন্ত্ৰীত্বৰ আশাপালি থকা তালিকাখনত আছিল প্ৰশান্ত ফুকন, পদ্ম হাজৰিকা, ঋতুপৰ্ণ বৰুৱা, আঙুৰলতা ডেকা, শিলাদিত্য দেৱ, তেৰছ গোৱালা, বিমল বৰাকে ধৰি বহুকেইখন মুখ ৷ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰো নাম আছিল তালিকাখনত ৷ অৱশেষত সকলোৰে আশাত চেঁচাপানী ঢালি শেষ মূহুৰ্তত দলীয় সমীকৰণৰ সাল-সলনি ঘটাই মন্ত্ৰীত্ব প্ৰদান কৰা হয় যোগেন মহন আৰু সঞ্জয় কিষাণক ৷

অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

Intro:VO. অৱশেষত মুখ্যমন্ত্ৰী সোণোৱালে পুৰণ কৰিলে তেওঁৰ মন্ত্ৰীসভাত খালি হৈ থকা দুখন আসন । শণিবাৰে দুই বিধায়ক ক্ৰমে সঞ্জয় কিষাণ আৰু যোগেন মহনে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হৈ সন্তুষ্টিৰ হাঁহি মাৰিলে যদিও মন্ত্ৰিত্ব পাম পাম বুলি আশা পালি থকা কেইবাজনো বিধায়কৰ বাবে কিন্তু শণিবাৰৰ দিনটো বৰ এটা সুখদায়ক নহ'ল ।

GFX. যোগেন মহন - সঞ্জয় কিষাণে পালে মন্ত্ৰিত্ব
GFX. আশাত চেঁচাপানী পৰিল কাৰ কাৰ ?
GFX. শপত লবলৈ সাজু হৈ আছিল আৰু কোন কোন বিধায়ক ?

Body:VO. আচলতে সোণোৱাল মন্ত্ৰীসভাত খালি হৈ আছিল মুঠ তিনিখন আসন । তাৰে দুখনহে আজি পুৰ কৰা হ'ল যদিও এখন এতিয়াও খালি হৈয়ে আছে । সেইখন আসন শীঘ্ৰে পুৰ কৰাৰ কোনো সম্ভাৱনা নাই ।

GFX. মন্ত্ৰিত্বৰ আশা পালি থকা সকলৰ তালিকাখনলৈ মন কৰক
GFX. প্ৰশান্ত ফুকন , পদ্ম হাজৰিকা , ঋতুপৰ্ণ বৰুৱা ,
GFX. আঙুৰলতা ডেকা , শিলাদিত্য দেৱ , তেৰছ গোৱালা ,
GFX. বিমল বৰাকে ধৰি কেইবাজনৰো আশাত পৰিল চেঁচাপানীConclusion:VO. বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হব বুলি আজি কেইমাহমানৰ আগলৈকে ব্যাপক চৰ্চা চলিছিল যদিও শেষ মুহূৰ্তত দলৰ শীৰ্ষ নেতৃত্বই সেই সমীকৰণৰ সাল সলনি ঘটায় । মন্ত্ৰিত্বৰ পৰিবৰ্তে দাসক পুণৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতিৰ আসনতে ৰাখিবলৈ সিদ্ধান্ত লয় দলীয় নেতৃত্বই ।

গৌতম বৰুৱা , গুৱাহাটী
Last Updated : Jan 27, 2020, 1:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.