ETV Bharat / city

কিয় দিছিল নাম কৰ্তনৰ নিৰ্দেশঃ পুণৰ NRC কৰ্তৃপক্ষক জাননী উচ্চতম ন্যায়ালয়ৰ - জমিয়ত উলেমা ঈ হিন্দ

এটা বিতৰ্কিত নিৰ্দেশৰ বাবে পুণৰবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ । আশ্চৰ্যকৰভাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতো ৰাজ্যিক সমন্বয়ক গৰাকীয়ে সকলো জিলাৰ উপায়ুক্তলৈ জাৰি কৰিছিল এক নিৰ্দেশ ।

supreme court Notice for NRC Dept
কিয় দিছিল নাম কৰ্তনৰ নিৰ্দেশঃ পুণৰ NRC কৰ্তৃপক্ষক জাননী উচ্চতম ন্যায়ালয়ৰ
author img

By

Published : Jan 30, 2021, 10:31 PM IST

গুৱাহাটী, ৩০ জানুৱাৰী: বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই জাৰি কৰা এটা বিতৰ্কিত নিৰ্দেশৰ বাবে পুণৰবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ । আশ্চৰ্যকৰভাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতো ৰাজ্যিক সমন্বয়ক গৰাকীয়ে সকলো জিলাৰ উপায়ুক্তলৈ জাৰি কৰিছিল এক নিৰ্দেশ । উক্ত নিৰ্দেশত চূড়ান্ত তালিকাৰ পৰা সেইসকল লোকৰ নাম তাৎক্ষনিকভাবে কৰ্তন কৰিবলৈ কোৱা হৈছিল যিসকল বিদেশী বুলি ন্যায়াধীকৰণত গোচৰ চলি আছে বা যিসকলক ন্যায়াধীকৰণে ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰিছে কিম্বা যিসকল‌ "ডি" ভোটাৰ ।

supreme court Notice for NRC Dept
কিয় দিছিল নাম কৰ্তনৰ নিৰ্দেশঃ পুণৰ NRC কৰ্তৃপক্ষক জাননী উচ্চতম ন্যায়ালয়ৰ

তেওঁৰ এই নিৰ্দেশনাৰ পিছতে আমছু আৰু জমিয়ত উলেমা ঈ হিন্দে ইয়াক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰিছিল । এই গোচৰৰ শুনানী গ্ৰহণ কৰাৰ পিছত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষলৈ জাননী জাৰি কৰিছে । মন কৰিবলগীয়া যে, এই গোচৰত আমছু আৰু জমিয়তৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা তথা শীৰ্ষ কংগ্ৰেছ নেতা কপিল ছিবালে ।

লগতে পঢ়ক-বনাঞ্চল বেদখল সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.