গুৱাহাটী, ৭ ডিচেম্বৰঃ বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে । আজি পুৱা প্ৰায় ৮ বজাত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা বি পি এফ নেতা ৰিহণ দৈমাৰীয়ে ভৈৰৱকুণ্ড সমষ্টিত সাব্যস্ত কৰে তেওঁৰ ভোটাধিকাৰ ।
ভৈৰৱকুণ্ড সমষ্টিটোৰ কাঁহিবাৰী কেন্দ্ৰত ভোটদান কৰে মন্ত্ৰী গৰাকীয়ে । সমষ্টিটোৰ বি পি এফ প্ৰাৰ্থী ৰীপেন দৈমাৰী নিশ্চিতভাৱে জয়ী হ'ব বুলিও মন্তব্য কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ।
লগতে পঢ়ক- ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ