ETV Bharat / city

গুৱাহাটীত গ্ৰেপ্তাৰ এন এল এফ বিৰ কেডাৰ

author img

By

Published : May 30, 2021, 7:55 PM IST

গুৱাহাটীৰ নুনমাটিৰ ২ নং শালবাৰীত ৰেপিড' চালক ৰূপে আশ্ৰয় লৈ থকা এন এল এফ বিৰ এজন কেডাৰক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এন এল এফ বিৰ ধৃত কেডাৰ জন হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ দীপক চৌধুৰী ওৰফে 'ডেলং'। মহানগৰীত এন এল এফ বিৰ সদস্য ভৰ্তিৰ কামত জড়িত হৈ আছিল । কেডাৰ জনৰ পৰা উদ্ধাৰ 9 MM পিষ্টলৰ কেইবাজাই সক্ৰিয় গুলি, AS 01 EK 1531 নম্বৰৰ কলা ৰঙৰ পালছাৰসহ বহু আপত্তিজনক নথি পত্ৰ ।

গুৱাহাটীত গ্ৰেপ্তাৰ এন এল এফ বিৰ কেডাৰ
গুৱাহাটীত গ্ৰেপ্তাৰ এন এল এফ বিৰ কেডাৰ

গুৱাহাটী, ৩০ মে': ৰেপিড' চালকৰ ৰূপত গুৱাহাটী মহানগৰীত আশ্ৰয় লৈছে উগ্ৰপন্থী সংগঠনৰ সদস্যই । দেওবাৰে গুৱাহাটীৰ নুনমাটিৰ ২ নং শালবাৰীৰ পৰা ৰেপিড' চালক ৰূপে আশ্ৰয় লৈ থকা এন এল এফ বিৰ এজন কেডাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । এন এল এফ বিৰ ধৃত কেডাৰ জন হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ দীপক চৌধুৰী ওৰফে 'ডেলং'।

ধৃত উগ্ৰপন্থী সদস্য জনক মহানগৰ আৰক্ষীৰ অপৰাধ শাখা আৰু নুনমাটি আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, বাক্সাৰ গোৰেশ্বৰৰ বাসিন্দা দীপক চৌধুৰীয়ে প্ৰায় তিনিমাহ পূৰ্বে গুৱাহাটীলৈ আহি নুনমাটিৰ ২ নং শালবাৰীত থকা ভিনিয়েক বিশ্বজিত ৰয়ৰ ঘৰত আশ্ৰয় লৈ আছিল । ভিনীয়েকৰ ঘৰত আশ্ৰয় লৈ দীপক চৌধুৰীয়ে ৰেপিড' গাড়ী চালকৰ বেশত থাকি এন এল এফ বিৰ সাংগঠনিক কাম কাজ চলাই আছিল ।

গুৱাহাটীত গ্ৰেপ্তাৰ এন এল এফ বিৰ কেডাৰ

মহানগৰীত এন এল এফ বিৰ সদস্য ভৰ্তিৰ কাম এজন যুৱকে চলাই থকা বুলি অপৰাধ শাখাই তথ্য লাভ কৰিছিল । এই তথ্যৰ ভিত্তিত আৰক্ষীৰ অপৰাধ শাখা আৰু নুনমাটি আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই নুনমাটিৰ ২ নং শালবাৰীৰ পৰা দুধৰ্ষ কেডাৰ জনক গ্ৰেপ্তাৰ কৰে ।

ধৃত কেডাৰ জনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে 9MM পিষ্টলৰ কেইবাজাই সক্ৰিয় গুলি, AS 01 EK 1531 নম্বৰৰ কলা ৰঙৰ পালছাৰ এখন আৰু বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে । ধৃত যুৱক জন এন এল এফ বিৰ যুটীয়া সম্পাদক বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ড বিধিৰ 120 (B)/121(A)/122/124 নং ধাৰাৰ অধীনত থানাত 313/21 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ছয়গাঁৱত কুুুঠাৰৰ ঘাপত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.