ETV Bharat / city

অন্ত পৰিল আগৰৰ ক’লা সাম্ৰাজ্য - New Industrial policy by Assam govt.

অসম চৰকাৰৰ নতুন উদ্যোগ নীতিক স্বাগতম আছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিলৰ । বিগত প্ৰায় ২৫/৩০ বছৰ ধৰি অসমত চলি আহিছিল অগৰুৰ অবাধ ক’লা ব্যৱসায় ।

ছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিলৰ সংবাদমেল
author img

By

Published : Jul 25, 2019, 9:45 AM IST

গুৱাহাটী, ২৫ জুলাই : বহু মূল্যবান অগৰু গছৰ ক’লা ব্যৱসায়ত চৰকাৰৰ নতুন উদ্যোগ নীতিয়ে নাকী লগালে । বহু বছৰ ধৰি অসমত চলি থকা অগৰুৰ ক’লা ব্যৱসায়ে অসমৰ অগৰু খেতিয়কসকলক ব্যপক হাৰত লুন্ঠন চলাই আহিছিল । বহু ক’লা ব্যৱসায়ীয়ে অসমৰ পৰা অতি কম মূল্যত আগৰ গছ কিনি নি ডুবাই আৰু চীনত লাখ লাখ টকাত বিক্ৰী কৰি বিশাল সম্পত্তিৰ গৰাকী হৈছিল । এই সকলোবোৰৰ অন্ত পেলাই অসমে কেবিনেটত লোৱা ঔদ্যোগিক নীতিক বুধবাৰে মহানগৰীত এক সংবাদ মেল আয়োজন কৰি স্বাগতম জনায় আছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিল চমুকৈ এল এ অ'ই ।

বুধবাৰে কাউন্সিলৰ পিডিয়াৰ শাখাৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে নতুন নীতিৰ বাবে অসম চৰকাৰক ধন্যবাদ জনায় । লগতে এল এ অ'ই অসমত কেইবাটাও উদ্যোগ স্থাপন কৰাৰ বাবে লোৱা পৰিকল্পনাৰ কথা উল্লেখ কৰি কয় যে অগৰু খেতি এক অত্যন্ত লাভজনক খেতি ৷ অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ স্বাৱলম্বিতাৰ পথত অগ্ৰসৰ হ’ব পাৰে ।

অন্ত পৰিল আগৰৰ কলা বজাৰৰ সাম্ৰাজ্যৰ

Intro:অগৰু খেতিৰ ক্ষেত্ৰত উদ্যোগ নীতিৰ বাবে অসম চৰকাৰক ধন্যবাদ আছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিলৰ । বিগত প্ৰায় ২৫/৩০ বছৰ ধৰি অসমত চলি অহা অবাধ অগৰুৰ কলা ব্যৱসায়ে অসমৰ খেতিয়কসকলক লুণ্ঠন চলাই আহিছিল । অতি কম মূল্যত অসমৰ পৰা আগৰ গছ নি ডুবাই আৰু চীনত লাখ লাখ টকাত বিক্ৰী কৰি বিশাল সম্পত্তিৰ গৰাকী হৈছিল অগৰুৰ বহুত কলা ব্যৱসায়ী কিন্তু এই সকলোবোৰৰ অন্ত পেলাই অসমে কেবিনেটত লোৱা এই ঔদ্যোগিক নীতিত ফলত উপকৃত হব অসমৰ অগৰুৰ খেতিয়কসকল।

Body:বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিলৰ এল এ অ' - পিডিয়াৰ শাখাৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীয়ে এক সংবাদমেল যোগেৰে চৰকাৰক ধন্যবাদ দিয়াৰ লগতে এই মন্তব্য কৰে ।

Conclusion:ইয়াৰ সমান্তৰালকৈ আছিয়ান ইণ্ডিয়া বিজনেছ কাউন্সিলাৰে অসমত কেইবাটাও উদ্যোগ স্থাপন কৰাৰ লগতে আগৰৰ খেতিয়কসকলক পৰামৰ্শ দি এই খেতিত সহায় কৰিব বুলি মন্তব্য কৰে । অধ্যক্ষ হাবিব মহম্মদে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক এই ব্যৱসায়ৰ লগত জড়িত হৈ স্বাৱলম্বী হবলৈ আহ্বান জনায়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.