ETV Bharat / city

APW against corruption: দক্ষতা বিকাশৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী APW ৰ

author img

By

Published : Dec 28, 2021, 5:55 PM IST

Assam Building & Others Construction Workers Welfare Board নামৰ সংস্থাটোৱে 2018 চনতে বিভিন্ন শ্ৰমিকক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ নামত 75 কোটি টকা খৰচ কৰিছিল । উক্ত প্ৰশিক্ষণৰ তিনিবছৰ উকলি যোৱাৰ পিছতো বহু প্ৰশিক্ষাৰ্থীৰ ধন আদায় দিয়া নাই । এই অনিয়ম সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী আসাম পাব্লিক ৱৰ্কছৰ ।

APW against corruption
APW against corruption

গুৱাহাটী, 28 ডিচেম্বৰ : দক্ষতা বিকাশ আচঁনিৰ নামত আৱন্টিত চৰকাৰী ধনৰ হৰলুকি সম্পৰ্কত তদন্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই (Assam Public Works against corruption) । মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই দক্ষতা বিকাশ আচঁনিৰ নামত আৱন্টিত চৰকাৰী ধনৰ হৰলুকি (Scam in Skill Development Scheme in Assam) সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰে ।

দক্ষতা বিকাশৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী APW ৰ

সংবাদ মেলত আসাম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে কয় যে, Assam Building & Others Construction Workers Welfare Board নামৰ সংস্থাটোৱে 2018 চনতে বিভিন্ন শ্ৰমিকক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ নামত 75 কোটি টকা খৰচ কৰিছিল । উক্ত প্ৰশিক্ষণৰ তিনিবছৰ উকলি যোৱাৰ পিছতো বহু প্ৰশিক্ষাৰ্থীৰ ধন আদায় দিয়া নাই । এই সম্পৰ্কত কেইজনমান প্ৰশিক্ষাৰ্থীয়ে যোৱা 14 ডিচেম্বৰত দিছপুৰ আৰক্ষী থানাত গোচৰ দিছিল ।

এই গোচৰ আৰক্ষীয়ে ৰহস্যজনকভাৱে ৰুজু কৰাৰ পৰা বিৰত আছে । এই সম্পৰ্কত শ্ৰম বিভাগৰ বিষয়া অনুসূয়া দত্তই বৰুৱাই সংস্থাটোক ৰক্ষণাবেক্ষণা দিয়া বুলি আসাম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে অভিযোগ কৰে ।

ইপিনে আসাম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে Assam Skill Development Mission ৰ প্ৰাক্তন পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ কাৰ্যকালত দক্ষতা বিকাশৰ নামত আৱন্টিত 487 কোটি টকাৰ সদব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰে । এই সম্পৰ্কত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নিমাত কিয় বুলি তেওঁ প্ৰশ্ন কৰে । আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই কয় যে, দক্ষতা বিকাশৰ নামত আবন্টিত চৰকাৰী ধনৰ হৰলুকি সম্পৰ্কত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাক তথ্য যোগান ধৰিব ।

লগতে পঢ়ক : এপ্ৰিলত ৰাজ্যসভাত প্ৰতিনিধি শূন্য হ'ব অসম কংগ্ৰেছ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.