ETV Bharat / city

NRC ৰ দুৰ্নীতি তদন্ত কৰাৰ সদিচ্ছা নাই গৃহ বিভাগৰ: অভিজিৎ শৰ্মা

author img

By

Published : Mar 17, 2020, 4:41 PM IST

এনআৰচিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাই ৱিপ্ৰোৰ সহযোগত যি বিয়াগোম দুর্নীতি সংঘটিত কৰিছিল তাৰ এখনৰ পিচত এখনকৈ এজাহাৰ দি আমি চৰকাৰক অৱগত কৰি আহিছো যদিও চৰকাৰে তদন্তৰ সদিচ্ছা প্ৰকাশ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন অভিজিৎ শৰ্মাৰ ৷

APW ABHJIT SARMA ON NRC
NRC ৰ দুৰ্নীতি তদন্ত কৰাৰ সদিচ্ছা নাই গৃহ বিভাগৰ: অভিজিৎ শৰ্মা

নিউজ ডেস্ক, 17 মাৰ্চ: এক প্রেছ বিজ্ঞপ্তি প্ৰকাশ কৰি এনআৰচি সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন অভিজিৎ শৰ্মাৰ ৷ এনআৰচিৰ ধন লৈ নোদোকা হোৱা দালাল, ঠিকাদাৰ, বুদ্ধিজীৱিৰ নাম, ঠিকনা, ফটোসহ গুৱাহাটীৰ বিভিন্ন স্থানত হৰ্ডিং লগোৱাৰ হুংকাৰ অভিজিৎ শৰ্মাৰ ৷ এপিডব্লিউৰ উদ্যোগত অসমত এনআৰচি উন্নীতকৰণৰ নামত তেতিয়াৰ এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই ৱিপ্ৰোৰ সহযোগত যি বিয়াগোম দুর্নীতি সংঘটিত কৰিছিল তাৰ বিৰুদ্ধে বহু অভিযোগ চৰকাৰক অৱগত কৰাৰ লগতে এক সঠিক তদন্ত বিচাৰিছো আমি ।

আজিৰ তাৰিখত আসাম পাব্লিক ৱর্কছ একমাত্ৰ সংগঠন যিয়ে এনআৰচিৰ দুৰ্নীতিৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাবে যুঁজ চলাই আছো । উপযুক্ত তথ্য দি এজাহাৰ দাখিলৰ পাচতো কেন্দ্ৰীয় তথা ৰাজ্যিক কোনো এটা তদন্তকাৰী সংস্থাই ইয়াক তিলমানো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ চিবিআইৰ পৰা চিআইডিলৈ আমি তৰা কোনো এটি গোচৰৰ বাবদ আমি বাৰে বাৰে তথ্য প্ৰদান কৰিম বুলি চিঞৰি থকাৰ পাছতো কোনো এটি তদন্তকাৰী সংস্থাই আজিলৈ সামান্য এটি ষ্টেটমেণ্ট ল’বলৈও আমাক নমতা কাৰ্যই এনআৰচি আৰৰ দুর্নীতিৰ বিষয়টোত বিভাগীয় স্থিতিক লৈ আমাৰ সন্দেহ জন্মিছে ৷ যদি ৰাজ্য চৰকাৰে বিষয়টোত কঠোৰ স্থিতি গ্ৰহণ নকৰে তেন্তে আমি মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ এই দুর্নীতিৰ প্ৰতিটো তথ্য প্ৰেৰণ কৰিম বুলি কয় শৰ্মাই ৷

আমি বাৰে বাৰে চিঞৰি আছো । কিন্তু এনআৰচি আৰু এনআৰচিৰ দুৰ্নীতি এতিয়া পাহৰণিৰ গৰ্ভত । অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে এইবোৰ কথাৰ তদন্ত হোৱাটো বিচাৰিছে । অসমৰ জনসাধাৰণে জানিব বিচাৰিছে কোন এইসকল দালাল যিয়ে জাতিৰ দলিল প্ৰকাশৰ নামত জাতিটোক বিশ্বাসঘাটকতা কৰি শ শ কোটি টকা হজম কৰিছে ।

এইক্ষেত্ৰত চৰকাৰে যদি তদন্ত নকৰে তেন্তে আজি আমি স্পষ্ট কৰিছো যে বেছিদিনলৈ আমি আৰু হাত সাৱটি বহি নাথাকো । আমি অতি সোনকালেই জাতিৰ লগত দালালি কৰা সকলৰ নাম ফটোসহ বৃহৎ হৰ্ডিং সাজি গুৱাহাটীত প্ৰবেশৰ সকলো পথত স্থাপন কৰিম ৷ য’ত মুধাফুটা বুদ্ধিজীৱী, দুই নম্বৰী ছফটৱেৰ তৈয়াৰ কৰা Wipro Ltd. Bohniman Systems, RJ 45, Medok Technologosies, Trans Technologosies ৰ মালিক সকল, দালাল শীল, জৈন ইত্যাদিক ৰাইজৰ সন্মুখত চিনাকি কৰাই দিম । ইয়াৰ লগতে জাতিক প্ৰতাৰণা কৰাত আটাইতকৈ বেছি বদনৰ ভূমিকা লোৱা শীল উপাধিৰ দালালজনৰ বাসভৱনৰ সন্মুখত ধর্ণা কাৰ্যসূচী গ্ৰহণ কৰিম । চৰকাৰে তদন্ত যদি নকৰেই তেন্তে আমি এইসকলক ৰাইজৰ কাঠগৰালৈ উলিয়াই আনি সামাজিকভাৱে বয়কটৰ ব্যৱস্থা কৰিম ।

আজি এমাহ দুমাহকৈ এনআৰচি প্ৰকাশৰ ছমাহ উকলি গ’ল অথচ 1600 কৌটি টকা খৰচ হোৱা এই বৃহৎ প্ৰক্ৰিয়াটোৰ পৰা জাতিটোৰ একো উপকাৰ নহ’ল । 1600 কৌটিৰ এক বিয়াগোম ধন আত্মসাৎ কৰি বিভিন্নজন ধনী হ’ল । ৰাজকোষৰ 1600 কৌটি টকা পানীত পেলাই যোৱা হাজেলাৰ দৰে বিষয়াক কৰায়ত্ত কৰাৰ বিভিন্ন সুযোগ থকাৰ পাছতো চৰকাৰে হাত সাৱটি বহি থকা কাৰ্যক আমি সহজভাবে ল’ব পৰা নাই ।

হাজেলাৰ ক্ষেত্ৰতো তদন্তৰ ব্যৱস্থা কৰিবলৈ এইখন চৰকাৰৰ তিলমানো সাহস হয়তো নাই, সেয়ে আমাৰ শেষ ভৰষা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়া । তেওলোকক বিতং তথ্য আমি জমা দিম তথা অনুৰোধ জনাম ইমানবোৰ তথ্য প্ৰমাণ দাখিল কৰাৰ পাছতো এন আৰ চিৰ দুর্নীতিৰ তদন্ত নকৰিবনে? আনহাতে আমাৰ এটি সজাতি দল মধ্যপ্ৰদেশলৈ গৈ হাজে‌লাৰ কুকীৰ্তিসমূহ মধ্যপ্ৰদেশ চৰকাৰক অৱগত কৰিম আৰু তাতে সংবাদ মেল পাতি মধ্যপ্ৰদেশৰ এজন কুলাংগাৰে অসমত কৰি যোৱা অপকর্ম সমূহ ফাদিল কৰি থৈ আহিম বুলি উল্লেখ কৰে ।

মহাৰাষ্ট্ৰত কৰ’ণা ভাইৰাছত মৃত্যু এজন লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.