গুৱাহাটী, 26 মাৰ্চ : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) ৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে শনিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে । কংগ্ৰেছৰ তৰফৰ পৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত 55 টা ৱাৰ্ডৰ বাবে প্ৰার্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰা হৈছে । গুৱাহাটী পৌৰ নিগমৰ মুঠ 60 টা ৱাৰ্ডৰ ভিতৰৰ 55 টা ৱাৰ্ডৰ কংগ্ৰেছ প্ৰার্থীসকলৰ নাম ঘোষণা কৰিছে (APCC releases candidate list for 55 wards) ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ অনুমোদন সাপেক্ষে এই প্ৰথম তালিকাখন প্ৰকাশ কৰা হৈছে । অসম প্ৰদেশ কংগ্ৰেছৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে যে, বাকী 5 টা ৱাৰ্ডৰ প্ৰাৰ্থীসকলৰ নাম শীঘ্ৰে ঘোষণা কৰা হ'ব
ইপিনে আকৌ ৰঙালী বিহুৰ সাতবিহুৰ পৰম্পৰা মাজতে চৰকাৰে অহা 19 এপ্ৰিলত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দিন ধার্য কৰা কাৰ্যৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে শনিবাৰে গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
কাৰ্যসূচীৰ শেষত অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ নিৰ্বাচন আয়োগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । ইফালে 30 মাৰ্চ গুৱাহাটী পৌৰ নিগমৰ বাবে মনোনয়ন দাখিলৰ শেষ দিন নিৰ্ধাৰণ কৰিছে । 4 এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিন নিৰ্ধাৰণ কৰা হৈছে । উল্লেখ্য যে, বিগত সময়ছোৱাত গুৱাহাটী পৌৰ নিগমৰ 31 টা ৱাৰ্ডৰ 13 টা ৱাৰ্ড কংগ্ৰেছৰ দখলত আছিল ।
লগতে পঢ়ক : ক্ৰমাৎ অস্তিত্বহীন হৈ পৰিছে অগপ