ETV Bharat / city

প্রদেশ কংগ্ৰেছৰ পূর্ণাংগ কমিটি ঘােষণা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ

author img

By

Published : Feb 24, 2022, 10:54 PM IST

বৃহস্পতিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছে ভূপেন কুমাৰ বৰা (Congress leader Bhupen kumar Borah) ৰ নেতৃত্বত এখন পূৰ্ণাংগ কমিটী ঘোষণা কৰিছে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ অনুমোদন ক্ৰমে সাধাৰণ সম্পাদক কে চি বেণুগোপালে জাৰি কৰা এক জাননী যোগে এই কমিটিখন গঠন কৰা হৈছে ৷

apcc-full-committee-formed-by-aicc
প্রদেশ কংগ্ৰেছৰ পূর্ণাংগ কমিটি ঘােষণা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ

গুৱাহাটী,24 ফেব্ৰুৱাৰী : বৃহস্পতিবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছে এখন পূৰ্ণাংগ কমিটী ঘোষণা কৰিছে ৷ ন-পুৰণি, জ্যেষ্ঠ কনিষ্ঠ, বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ-ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠী আৰু আটাইকেইখন জিলাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰি ভূপেন কুমাৰ বৰা (Congress leader Bhupen kumar Borah) ৰ নেতৃত্বত এই কমিটি ঘোষণা কৰা হৈছে ৷

জানিব পৰা মতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ অনুমোদনক্ৰমে সাধাৰণ সম্পাদক কে চি বেণুগোপালে জাৰি কৰা এক জাননী যোগে এই কমিটিখন গঠন কৰা হৈছে ৷ এই তালিকা অনুসৰি, জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰৎ বৰকটকীক কোষাধ্যক্ষ হিচাপে দায়িত্ব দিয়া হয় । সেইদৰে মুঠ 17 গৰাকী উপ-সভাপতি, 32 গৰাকী সাধাৰণ সম্পাদক, 64 গৰাকী সম্পাদক, 26 গৰাকী যুটীয়া সম্পাদক আৰু 59 গৰাকী কার্যনিৰ্বাহকৰ সদস্য নিযুক্তি দি এই নতুন কমিটীখন গঠন কৰা হৈছে । আনহাতে 13 গৰাকীক জ্যেষ্ঠ মুখপাত্ৰ আৰু 20 গৰাকীক মুখপাত্ৰ হিচাপে দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক : Housing Flat Controversy: হাউচিঙৰ ফ্লেট বিতৰ্কক লৈ শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ

ইয়াৰোপৰি কংগ্ৰেছ দলৰ সকলো বিধায়ক, কংগ্ৰেছ দলৰ সকলো ভাতৃ-ভগ্নী সংগঠনৰ মুৰব্বীসকল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো বিভাগ আৰু কোষৰ মুৰব্বীসকল এই নতুন কমিটিৰ কার্যনিৰ্বাহক সমিতিৰ সদস্য হ'ব বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে নতুন অসম প্ৰদেশ কংগ্ৰেছ কমিটিত পূৰ্বেই সভাপতি হিচাপে ভূপেন কুমাৰ বৰা আৰু তিনিগৰাকী কার্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে’ পুৰকায়স্থক নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে নিযুক্তি দিছিল ।

লগতে পঢ়ক : Ram Nath Kovind Assam Visit: অসমলৈ আহি ক’ত ক’ত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.