গুৱাহাটী, 3 জানুৱাৰী : দেওবাৰে অসম জাতীয় পৰিষদৰ উদ্যোগত গুৱাহাটীস্থিত জু-ৰোডৰ মুখ্য কাৰ্যালয়ত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ 55 সংখ্যক মৃত্যু দিৱস (Death anniversary of Asom Keshari Ambikagiri Raichoudhury) পালন কৰা হয় ৷ সেই উপলক্ষে আয়োজিত এই অনুষ্ঠানত মহীৰূহগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷
জাতীয় পৰিষদৰ কামৰূপ (ম) জিলা সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত ভাষণ দি সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰায়চৌধুৰীৰ চিন্তা-চেতনাই অসমীয়া জাতীয়বাদী আন্দোলনৰ ভেঁটিত শক্তিৰ সঞ্চাৰ কৰি গৈছে আৰু সেয়ে তেখেতক বাদ দি অসমীয়া জাতীয়তাবাদৰ ইতিহাস পৰিপূৰ্ণ হ'ব নোৱাৰে বুলি মন্তব্য কৰে (Ambikagiri Raichoudhurys death anniversary observed by AJP) ৷
এই অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু দলৰ কামৰূপ(ম) সমিতিৰ সভাপতি সঞ্জীৱ বৰাকে ধৰি কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকীও নেতা-বিষয়ববীয়া উপস্থিত থাকে ৷
উল্লেখ্য যে, অম্বিকাগিৰী ৰায়চৌধুৰী আছিল কুৰি শতিকাৰ অসমৰ এজন প্ৰখ্যাত কবি, গীতিকাৰ, গায়ক, গদ্য লেখক, সংবাদ সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনানী । গোটেই জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হয় । 1950 চনত অম্বিকাগিৰী ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ।
লগতে পঢ়ক : অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে