গুৱাহাটী, 29 জুন : গুৱাহাটী এৰাৰ পূৰ্বে মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে একেটা দিনতে দুবাৰ গমন কৰিলে কামাখ্যালৈ(Eknath Shinde visits Kamakhya temple) ৷ বুধবাৰে পুৱা 4 জন বিধায়কক(Maharashtra rebel MLAs) লগত লৈ কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে যোৱা বিসম্বাদী নেতা একনাথ সিন্দেয়ে পুনৰ দুপৰীয়া 12.10 বজাত আটাইকেইজন বিধায়কক লৈ কামাখ্যাত উপস্থিত হয় ৷ পুৱা মা কামাখ্যাৰ আশীষ লোৱাৰ পাছত 4 জনীয়া বিধায়কৰ দলটো পুনৰ উভতি আহিছিল হোটেল ৰেডিশ্যন ব্লুলৈ ।
হোটেলত কিছু সময় অতিবাহিত কৰাৰ পাছত দুপৰীয়া সকলো বিসম্বাদী বিধায়কক লৈ পুনৰ কামাখ্যালৈ যায় নেতাগৰাকী ৷ কামাখ্যৰ পৰা পুনৰ হোটেল ৰেডিশ্যন ব্লুলৈ উভতি আহি তাৰপৰা ছাৰ্টাৰ্ড বিমানেৰে গোৱালৈ ৰাওনা হ’ব দলটো ৷ বিসম্বাদী বিধায়ককেইজন গোৱালৈ ওভতাৰ পৰিপ্ৰেক্ষিতত বৰঝাৰ বিমান বন্দৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী । জানিব পৰা মতে বিয়লি প্ৰায় 4 বজাত আটাইকেইজন উৰা মাৰিব গোৱালৈ । গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১ টা কোঠা ।
ইফালে বৰঝাৰ বিমান বন্দৰত মোতায়েন কৰা হৈছে বিশাল আৰক্ষী বাহিনী, বান্ধি দিয়া হৈছে বেৰিকেড । পৰিস্থিতিৰ বুজ লৈ আছে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই । বৰঝাৰ বিমান বন্দৰত বিধায়কেইজনৰ যোৱাৰ বাবে সাজু কৰি ৰখা হৈছে 3 খন ছাৰ্টাৰ্ড বিমান ৷ বিয়লি 4 বজাত গোৱালৈ উৰা মাৰিব বিসম্বাদী বিধায়কৰ দলটো ৷ বিগত 20 জুনৰ পৰা হোটেলখনত বাহৰ পাতি আছিল মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে । শিৱসেনাৰ 39 আৰু শিৱসেনা সমৰ্থিত 9 জন নিৰ্দলীয় বিধায়ক আছে দলটোত । বিধায়কসকল গোৱাৰ পৰা বৃহস্পতিবাৰে মুম্বাইলৈ যাব ।
লগতে পঢ়ক : Maharashtra political crisis: অসম এৰাৰ বাবে সাজু সিন্দে বাহিনী