গুৱাহাটী,১৫ জানুৱাৰী: ক'ভিডত আক্ৰান্ত হৈছে বিধায়ক অখিল গগৈ । পত্নী আৰু পুত্ৰৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতে এইবাৰ অখিল গগৈৰ দেহত ধৰা পৰে ক'ভিডৰ উপস্থিতি (Akhil Gogoi and family members tested Covid19 positive) । ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি অখিল গগৈয়ে এই বিষয়ে জনায় ।
তেওঁ ফেচবুকৰ জৰিয়তে কয়, "সমূহ অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে মোৰ পুত্ৰ আৰু পত্নীৰ ক'ভিড পজিটিভ হোৱাৰ পাছত মোৰো পজিটিভ ওলায় । সেয়ে মই হোম কোৱাৰেন্টাইন হৈ আছো (Akhil Gogoi under home quarantine)। গতিকে সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত সাংগঠনিক তথা সকলো ৰাজহুৱা সভা সমিতিৰ পৰা বিৰত থাকিম । আশা কৰো এই কেইদিন মোৰ সান্নিধ্যত যি সকল ব্যক্তি আছিল তেখেতসকলে সজাগতাৰ স্বাৰ্থত ক'ভিড পৰীক্ষা কৰিব ।"
উল্লেখ যে আজি পুৱাৰ ভাগত অখিল গগৈয়ে সামাজিক মাধ্যম যোগে তেওঁৰ পত্নী আৰু পুত্ৰ ক'ভিডত আক্ৰান্ত হোৱা বুলি সদৰি কৰিছিল । তেওঁ নিজেও অসুস্থ হৈ আছিল যদিও ৰিপ'ৰ্ট অহা নাছিল বাবে নিশ্চিত হোৱা নাছিল । সন্ধিয়া ৰিপ'ৰ্ট অহাৰ পাছত তেওঁ ক'ভিড পজিটিভ হয় আৰু সেই কথা তেওঁ সামাজিক মাধ্যম যোগে অৱগত কৰে ।