ETV Bharat / city

Anti CAA movement: দ্বিতীয় পৰ্যায়ত কা আন্দোলন আৰম্ভ কৰিলে লুৰীণে - Anti CAA movement

অসম জাতীয় পৰিষদে কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথত দাহ কৰিলে এই আইনৰ প্ৰতিলিপি(Anti CAA protest by AJP) ৷ জানো আহক আজিৰ দিনটোত কা আন্দোলনৰ ভৱিষ্যত সন্দৰ্ভত কি ক’লে লুৰীণ জ্যোতি গগৈয়ে ৷

ajp-chief-lurin-jyoti-gogoi-on-anti-caa-movement
Anti CAA movement: দ্বিতীয় পৰ্যায়ত কা আন্দোলন আৰম্ভ কৰিলে লুৰীণে
author img

By

Published : Dec 11, 2021, 9:31 PM IST

গুৱাহাটী , ১১ ডিচেম্বৰ : পুনৰ আৰম্ভ হৈছে কা আন্দোলন । শনিবাৰে অসম জাতীয় পৰিষদে CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গুৱাহাটীৰ ৰাজপথত দাহ কৰিলে এই আইনৰ প্ৰতিলিপি (Anti CAA protest by AJP) । অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ৰ পৰা চৰকাৰক পুনৰ হুংকাৰ দি প্ৰতিবাদকাৰী সকলে শ্লোগান দিলে কা আমি নামানো, কা বাতিল কৰক ৷ ৰাজপথত ক’লা পতাকা উৰুৱাই পাঁচ শতাধিকতকৈ অধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদত অংশ গ্ৰহণ কৰি জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মন্তব্য কৰে, অসমত এই আইন জাপি দি ৰাজনৈতিক বৈতৰণী পাৰ কৰিব নোৱাৰিব কোনেও (Lurin Jyoti Gogoi on CAA) ৷ তেও কয়, '' আজিৰ দিনটোতে সংসদত গৃহীত হৈছিল কা । আজিৰ দিনটো এটা ক’লা দিন । আজিৰ দিনটোতে অসমৰ জনগণৰ স্বভিমানক হত্যা কৰা হৈছিল । অসম চুক্তি নস্যাৎ কৰা হৈছিল । আজিৰ দিনটোৰ পৰা পুণৰ অসমৰ জাতীয় জীৱনত কৰা অন্যায় অগণতান্ত্ৰিক সিদ্ধান্ত বিৰোধীতা কৰি 'কা'ৰ দ্বিতীয় পৰ্যায়ত আন্দোল আৰম্ভ হৈছে ।''

Anti CAA movement: দ্বিতীয় পৰ্যায়ত কা আন্দোলন আৰম্ভ কৰিলে লুৰীণে

ইয়াৰ লগতে, লুৰীণ জ্যোতি গগৈয়ে কয়, '' অসমৰ জনগণক যি অন্যায় কৰিছে, ৰাজনৈতিক অধিকাৰ নাইকিয়া কৰিবৰ কাৰণে মানুহৰ মাজত হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতিৰ বীজ সিচি হিন্দুৰ নামত নাগৰিকত্ব দিয়াৰ যি সৰযন্ত্ৰ ৰচনা কৰিছে, এই অন্যায়ৰ বিৰুদ্ধে অসমৰ জনগণ জাগিছে জাগিব । কোনোধৰণৰ বিনামূলীয়া চাউল আৰু হিতাধিকাৰী আঁচনিয়ে ইয়াত প্ৰভাৱ পেলাব নোৱাৰে । আন্দোলন সংগ্ৰাম চলি থাকিব ।''

তেওঁ জাতীয় জনগোষ্ঠীয় দল সংগঠন, বিৰোধী ৰাজনৈতিক দল সকলোকে এই আন্দোলন আৰম্ভ কৰিবৰ বাবে আহ্বান জনায় । অসমৰ জনগণৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন ইয়াৰ লগত জড়িত আছে বুলি মন্তব্য কৰি তেওঁ কা আন্দোলন স্তিমিত হোৱা সম্পৰ্কে কয় যে, কৰ’ণাৰ বাবে কা অন্দোলন স্তিমিত হৈছিল । আজিৰ পৰা আন্দোলন পুণৰ আৰম্ভ হৈছে । দিল্লীয়ে অসমৰ জনগনক কৰা অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ হৈছে ।''

ইপিনে প্ৰতিবাদী সমদল উলিয়াই ৰাজপথতে কা আইনৰ প্ৰতিলিপি জ্বলাই দিয়ে প্ৰতিবাদকাৰী সকলে ৷ জু-ৰোড তিনি-আলিৰ AJP ৰ মুখ্য কাৰ্যালয়ৰ পৰা দিছপুৰ অভিমুখে প্ৰতিবাদী সমদল যাত্ৰা কৰে যদিও এ আই ডি চিত প্ৰতিবাদী সমদলক বাধা প্ৰদান কৰে আৰক্ষীয়ে (Police stops anti CAA rally of AJP) ।

লগতে পঢ়ক : AFPSA বাতিল নোহোৱালৈ ক্ষান্ত নহয় কন্যাক জনতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.