ETV Bharat / city

ন্যায়ালয়ৰ নিৰ্দেশ নমনা অগপ নেতৃত্বৰ বিৰুদ্ধে গোচৰীয়া পক্ষৰ প্ৰতিক্ৰিয়া

author img

By

Published : Aug 29, 2020, 5:25 PM IST

ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি দলীয় অধিবেশন অনুষ্ঠিত কৰাৰ পিছত অগপ নেতৃত্বৰ বিৰুদ্ধে পুণৰ কেনেধৰণৰ আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িব পাৰি সেই বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে ৷

অগপ নেতৃত্বৰ বিৰুদ্ধে গোচৰীয়া পক্ষৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 29 আগষ্ট : অসম গণ পৰিষদৰ নেতৃত্বই 27আগষ্টত ন্যায়ালয়ৰ নিৰ্দেশ আওকাণ কৰি অনুষ্ঠিত কৰা দলীয় অধিবেশন সম্পূৰ্ণৰূপে বেআইনী আৰু অবৈধ বুলি আখ্যা দিছে এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰা জ্যেষ্ঠ অগপ নেতাসকলে । অগপৰ এই অধিবেশনৰ বৈধতা সন্দৰ্ভত প্ৰশ্ন তুলি দলটোৰ মহানগৰ সমিতিৰ তিনি জ্যেষ্ঠ নেতা ক্ৰমে গিৰীন তালুকদাৰ,জিতেন ডেকা আৰু হেমেন লহকৰে ন্যায়ালয়ত এটা গোচৰ তৰিছিল ।

দলৰ প্ৰক্ৰিয়া অনুসৰি কাম কৰিব লাগে: গিৰীন তালুকদাৰ

সেইমৰ্মে অধিবেশন অনুষ্ঠিত কৰাত ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছিল যদিও 27আগষ্টৰ পুৱাতেই দলীয় অধিবেশন অনুষ্ঠিত কৰি অতুল বৰাক পুণৰ সভাপতি হিচাপে ঘোষণা কৰা হয় । দলীয় নেতৃত্বৰ এনে কাণ্ডত ক্ষুব্ধ হৈ পৰে গোচৰ তৰা তিনি অগপ নেতা ।

গোচৰীয়া পক্ষৰ অন্যতম গিৰীন তালুকদাৰে শণিবাৰে ইটিভি ভাৰতৰ আগত ক্ষোভ ব্যক্ত কৰি কয় যে, এনে কাৰ্যৰ জড়িয়তে অগপৰ নেতৃবৃন্দই কেৱল দলীয় সংবিধানকে অপমান কৰা নাই । অপমান কৰিছে দেশৰ সংবিধানখনকো । ন্যায়ালয়ে স্পষ্টকৈ অধিবেশন অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো অগপ নেতাসকলে সেই নিৰ্দেশ নামানিলে । দলীয় নেতৃত্বই ইতিমধ্যে দলৰ সংবিধানখনো বেআইনীভাবে সংশোধন কৰিছে বুলি তেওঁ গুৰুতৰ অভিযোগ তোলে ।

ৰাজনৈতিক আৰু আইনী দুয়োটা দিশেই আমি আৰম্ভ কৰিম: গিৰীন তালুকদাৰ

আনহাতে, ন্যায়ালয়ৰ নিৰ্দেশ উলংঘা কৰি দলীয় অধিবেশন অনুষ্ঠিত কৰাৰ পিছত অগপ নেতৃত্বৰ বিৰুদ্ধে পুণৰ কেনেধৰণৰ আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িব পাৰি সেই বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে বুলি উল্লেখ কৰি অগপ নেতাজনে আৰু কয় যে সিদিনা তাত তিনিজনকৈ কেবিনেট মন্ত্ৰী আছিল আৰু তেওঁলোকেই উলংঘা কৰিছে ন্যায়ালয়ৰ নিৰ্দেশ ।

লগতে পঢ়ক : ক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.