ETV Bharat / city

বিবাহৰ অনুষ্ঠানকলৈ নতুন নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

author img

By

Published : Oct 27, 2021, 9:11 PM IST

চৰকাৰে জাৰি কৰা নতুন SOP অনুসৰি বিবাহৰ অনুষ্ঠানত এপালি ভেকচিন গ্ৰহণ কৰা ২০০ লোকে অংশ গ্ৰহণ কৰিব পাৰিব । মঙলবাৰে জাৰি কৰা SOP ত বিবাহ তথা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্রত ৫০ জন লোকৰ উপস্থিতিত অনুমতি দিয়া হৈছিল । এই সংখ্যা ২০০ লৈ বৃদ্ধি কৰা হ'ল ।

again new sop published for marriage party

গুৱাহাটী, 27 অক্টোৱৰ : অসম চৰকাৰে বুধবাৰে পুনৰ ক’ভিড সম্পৰ্কীয় নতুন SOP জাৰি কৰিছে । মঙলবাৰে জাৰি কৰা SOP ত বহুক্ষেত্রত শিথিলতা প্ৰদান কৰা হৈছিল । বুধবাৰে পুনৰ জাৰি কৰা নতুন SOP ত কেতবোৰ দিশত শিথিলতা প্ৰদান কৰা হৈছে । জাৰি কৰা SOP অনুসৰি বিবাহৰ অনুষ্ঠানত এপালি ভেকচিন গ্ৰহণ কৰা ২০০ লোকে অংশ গ্ৰহণ কৰিব পাৰিব ।

again new sop published for marriage party
বিবাহৰ অনুষ্ঠানকলৈ নতুন নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

মঙলবাৰে জাৰি কৰা SOP ত বিবাহ তথা ধৰ্মীয় অনুষ্ঠানৰ ক্ষেত্রত ৫০ জন লোকৰ উপস্থিতিত অনুমতি দিয়া হৈছে । এই সংখ্যা ২০০ লৈ বৃদ্ধি কৰা হ'ল । সেইদৰে মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত ১০০ জন লোকৰ উপস্থিতিত অনুমতি প্ৰদান কৰা হৈছে । মঙলবাৰৰ SOP ত ৫০ জনৰ ক্ষেত্রত অনুমতি দিয়া হৈছিল । আন বাকী ক্ষেত্রত মঙলবাৰে জাৰি কৰা SOP প্ৰযোজ্য হৈ থাকিব ।

ৰাজ্য চৰকাৰে জাৰি কৰা মঙলবাৰৰ ক’ভিড SOP অনুসৰি নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন অব্যাহত থাকিব । ইয়াৰ লগতে সকলো ধৰণৰ দোকান-পোহাৰ নিশা ১০ বজালৈ খোলাৰ বাবে অনুমতি প্ৰদান কৰা হয় । ৰাজ্যৰ সাপ্তাহিক হাট-বজাৰো ৬ ঘণ্টালৈ খোলাৰ বাবে অনুমতি দিয়া হৈছে । সেইদৰে দুয়োটা ভেকচিন গ্ৰহণ কৰা লোকসকলৰ ববে চলচ্চিত্ৰ গৃহসমূহো ৫০ শতাংশ ক্ষমতাৰে খোলাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : কি আছে ৰাজ্য চৰকাৰৰ নতুন ক'ভিড SOP ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.