ETV Bharat / city

স্বাধীনতা দিৱস আৰু এটা ৰেডিঅ' - ব্যক্তি জনৰ নাম মানৱ ভৰালী

মহানগৰীত এজন ব্যক্তিয়ে ব্যতিক্ৰমী ধৰণেৰে উদযাপন কৰিলে স্বাধীনতা দিৱস ৷ গাত জাতীয় পতাকা অংকন কৰি লগত ৰেডিঅ' লৈ চাইকেল চলাই স্বাধীনতা দিৱস উদযাপন ৷

ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস পালন
author img

By

Published : Aug 15, 2019, 3:42 PM IST

গুৱাহাটী,15আগষ্ট : সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হয় দেশৰ 73তম স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে মহানগৰীত এজন ব্যক্তিৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷ ব্যক্তি জনৰ নাম মানৱ ভৰালী ৷ মহানগৰীৰ বামুনিমৈদাম জ্যোতি নগৰৰ নিবাসী মানৱ ভৰালীয়ে গাত জাতীয় পতাকা অংকন কৰি চাইকেল চলাই লগত এটা ৰেডিঅ' লৈ উদযাপন কৰিলে স্বাধীনতা দিৱস ৷

ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস পালন

ব্যক্তিজনে প্ৰকাশ কৰা অনুসৰি, শৰীৰ সুস্থ ৰখাৰ উপৰিও পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ বাবে লৈছে এই পদক্ষেপ ৷ ব্যক্তিজনৰ পদক্ষেপত শলাগিছে বহুজনে ৷

Intro:সমগ্ৰ ভাৰতবৰ্ষই উদযাপন কৰিছে স্বাধীনতা দিৱস। 73 তম স্বাধীনতা দিৱস উপলক্ষে সকলোৰে মনত উৎসাহ, ভাৰত বৰ্ষৰ প্ৰতি জন নাগৰিকৰ ৰাজনৈতিক হওক অথবা যিকোনো ক্ষেত্ৰত হওঁক সকলোৰে মতামত সকলোৰে স্বাধীনতা সুকীয়া। 73 তম স্বাধীনতা দিৱসলৈকে ভাৰত বৰ্ষই কি পালে কি হেৰুৱালে কোন দিশে ধাৱমান দেশৰ ভবিষ্যত সেই সকলো পাহৰি আজি উদযাপন কৰিছে স্বাধীনতা দিৱস।কৰবাত যদি পতাকা উত্তোলন কৰবাত আকৌ বাইক গাড়ীৰ ৰেলি।

Body:কিন্তু সকলোৰে পৰা পৃথক হৈ এজন ব্যক্তিয়ে অকলেই উদযাপন কৰিছে স্বাধীনতা দিৱস। ব্যক্তি জনৰ নাম মানৱ ভৰালী। মহানগৰীৰ বামুনিমৈদাম জ্যোতি নগৰৰ নিবাসী মানৱ ভৰালীৰ স্বাধীনতা দিৱস উদযাপন সুকীয়া। চাইকেল চলাই তেওঁ গাত জাতীয় পতাকা অংকন কৰি মহানগৰী খন তেওঁ ঘূৰিছে। লগত আকৌ তেওঁ এটা ৰেডিঅ আনিছে যত অহৰহ বাজি।আছে সুধাকণ্ঠা ডাঃ ভূপেন হাজৰিকা দেৱৰ কালজয়ী গান ।

বাইট:-মানৱ ভৰালী।

কেৱল স্বাধীনতা দিৱস উদযাপন নহয় শৰীৰ সুস্থ ৰখাৰ প্ৰয়াস মানৱ ভৰালীয়ে কৰাৰ লগতে প্ৰতি জন নাগৰিকক শৰীৰ চৰ্চাৰ প্ৰতিও সচেতন কৰিবলৈ এনেদৰে চাইকেল চলাই মহানগৰী খন ঘূৰি ফুৰিছে।

বাইট:- মানৱ ভৰালী।

ভূপেন হাজৰিকা দেৱক ভাৰত ৰত্ন দেৰি কৈ হলেও ভাৰত চৰকাৰে দিয়াৰ বাবে তেখেত স্বাভাৱিকতে আনন্দিত বুলিও জানিবলৈ দিলে ই টি ভি ভাৰতৰ আগত।

Conclusion:স্বাধীনতা দিৱস এইদৰে উদযাপন কৰক প্ৰতি জন ভাৰতীয় নাগৰিকে। কেৱল 73 সংখ্যক স্বাধীনতা দিৱস উদযাপন আজিৰ পতাকা উত্তোলন অথবা বাইক ৰেলিৰে নহয় অসম তথা ভাৰতবৰ্ষক বিশ্ব দৰবাৰত সগৌৰবে দাঙি ধৰাৰ মানসিকতা হৃদয়ত জাগ্ৰত হওঁক সেই কামনাৰে ই টিভি ভাৰতৰ তৰফৰ পৰা সমূহ ভাৰত বাসীক স্বাধীনতা দিৱসৰ শুভকামনা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.