গুৱাহাটী, 23 জুলাই: ৰাজ্যত অব্যাহত থকা ভয়ংকৰ বানত এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হৈছে 9,95,260 টা কৃষক পৰিয়াল । বৃহস্পতিবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই ।
মন্ত্ৰী বৰাই লগতে কয় যে, বানৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰতিখন জিলাত কমিউনিটি ফাৰ্মিঙৰ ব্যৱস্থা কৰা হৈছে । এই বানত এতিয়ালৈকে 3,500 খন গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ লগতে 22 লাখৰো অধিক পশুধন আক্ৰান্ত হৈছে ।
অৱশ্যে লক্ ডাউনৰ সময়চোৱাত আৰু বানৰ সময়ত হোৱা প্ৰকৃত ক্ষয়ক্ষতিৰ হিচাপ বান শেষ হোৱাৰ পিছতহে পোৱা যাব বুলি কয় । ইপিনে আফ্ৰিকান চোৱাইন ফ্লুত এতিয়ালৈকে অসমত 17,219 টা গাহৰিৰ মৃত্যু হৈছে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ।
আনহাতে বৃহস্পতিবাৰে অসমৰ বহু নিবনুৱালৈ এক সুখৰ বতৰাও কঢ়িয়াই আনে মন্ত্ৰীগৰাকীয়ে ৷ অতি সোনকালেই কৃষি বিভাগত 1,920 টা তৃতীয় বৰ্গৰ পদৰ লগতে 113 টা এ ডি অ' পদ, 42 টা কণিষ্ঠ অভিযন্তাৰ পদ, 12 টা সহকাৰী অভিযন্তাৰ পদ আৰু পশুপালন বিভাগত 31 টা তৃতীয় বৰ্গৰ পদ, 224 টা ফিল্ড এচিছটেন্ট, 86 টা চতুৰ্থ বৰ্গৰ পদ আৰু 17 টা ৰাজপত্ৰিত পদ পূৰণ কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । লগতে লক্ ডাউনৰ সময়ত প্ৰায় 8 কোটি টকাৰ বীজ কিটচেন গাৰ্ডেনৰ বাবে বিতৰণ কৰা হৈছে বুলিও কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰীগৰকীয়ে প্ৰকাশ কৰে ।
লগতে চাওক-নদীলৈ পৰিণত কৃষকৰ শ-শ বিঘা কৃষিভূমি