ETV Bharat / city

পুৱা 9 বজাৰ শীৰ্ষ দহটা সংবাদ

author img

By

Published : Dec 29, 2020, 9:08 AM IST

পুৱা 9 বজাৰ শীৰ্ষ দহটা সংবাদ

9 AM TOP TEN NEWS
পুৱা 9 বজাৰ শীৰ্ষ দহটা সংবাদ

মঙলবাৰে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰাৰ বাবে সাজু হৈছে মোডী

ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰ (EDFC) ৰ 'নিউ ভাউপুৰ-নিউ খুৰ্জা অংশ' মঙলবাৰে উদ্বোধন কৰা হ'ব ৷ মঙলবাৰে পুৱা 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰিব ৷

ভাৰতীয় ৰে'লৱে মুকলি কৰিলে Hospital Management Information System (HMIS)

ৰে'লৱে কৰ্মচাৰী সকলৰ সুবিধাৰ্থে ভাৰতীয় ৰে'লৱে আনুষ্ঠানিকভাৱে মুকলি কৰিলে Hospital Management Information System (HMIS) আৰু এটা মবাইল এপ ৷ সোমবাৰে এক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰে ৰে'লৱে বৰ্ডৰ চেয়াৰমেন বিনোদ কুমাৰ যাদবে ৷

ৰাজ্যত মাদ্ৰাছা বন্ধৰ বাবে বিধানসভাত উত্থাপন বিধেয়ক

বিধানসভাত এক হুলস্থুলীয়া পৰিস্থিতিৰ মাজত উত্থাপিত হয় "দ্য আছাম ৰিপিলিং বিল ২০২০" । বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উত্থাপন কৰা এই বিধেয়কখন গৃহিত হ'লে অসমত মাদ্ৰাছা শিক্ষা সঞ্চালকালয় বন্ধ হৈ পৰিব ৷

200 ৰাণত অল আউট অষ্ট্ৰেলিয়া, ভাৰতক জয়ৰ বাবে প্ৰয়োজন 70 ৰাণৰ

200 ৰাণত দ্বিতীয় ইনিংছ সামৰিলে অষ্ট্ৰেলিয়া দলে ৷ বৰ্তমান ভাৰতক জয়ৰ বাবে প্ৰয়োজন 70 ৰাণৰ ৷

মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে লাষ্টগেটত শতাধিক মহিলাৰ প্ৰতিবাদ

বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতেই প্ৰতিবাদত উত্তাল দিশপুৰ লাষ্টগেট ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাইৰ দাবীত শতাধিক মহিলাৰ প্ৰতিবাদ ৷ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷ ঋণ ৰেহাইৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ ৷

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদ

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ স্থগিতাদেশৰ বিৰোধিতা কৰি সোমবাৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, ক'ভিড-19 ৰ ভয়াৱহতা প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনিৰ্দিষ্ট কালৰ বাবে স্থগিতাদেশ জাৰি কৰিছিল ত্ৰিপুৰা চৰকাৰে ৷

22 দিনৰ অন্তত আত্মসমৰ্পন ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা

ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকাৰ আত্মসমৰ্পন ৷ 22 দিনৰ অন্তত আত্মসমৰ্পন কৰে চিকিৎসকগৰাকীয়ে ৷

136 বছৰীয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ 136 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন ৷ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই দলীয় পতাকা উত্তোলন কৰি শপত বাক্য পাঠ কৰাই কংগ্ৰেছ কৰ্মীসকলক ৷

বিগত 8 দিনে অব্যাহত আছে লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ

তিনিচুকীয়া বন সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ ৷ লাইকা-দধিয়াবাসীক পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে সংৰক্ষণ কৰাৰ দাবীৰে বিগত 8 দিনৰ পৰা অব্যাহত আছে প্ৰতিবাদ ৷ কিন্তু আজি পৰ্যন্ত চৰকাৰী কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল

এইবেলি বাতিল হৈছে চিৰাঙৰ দৈজিং মহোৎসৱৰ কাৰ্যসূচী ৷ কোভিড 19 তথা বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হয় প্ৰতিবছৰে অনুষ্ঠিত বাৰেৰহণীয়া দৈজিং মহোৎসৱ ৷ দৈজিং মহোৎসৱ বাতিল হোৱাত স্থানীয় লোকে বছৰৰ শেষত পিকনিক খোৱাৰ বাবে নিৰ্বাচন কৰে আই নদীৰ পাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.