ETV Bharat / city

গণৰাজ্য দিৱস উপলক্ষ্যে ৰাজ্যত ব্যাপক প্ৰস্তুতি - গুৱাহাটী, ডিফু ৰে’ল ষ্টেচনৰ লগতে শিলচৰ চহৰতো গণৰাজ্য দিৱস

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী, ডিফু ৰে’ল ষ্টেচনৰ লগতে শিলচৰ চহৰতো গণৰাজ্য দিৱস উপলক্ষ্যে ব্যাপক তৎপৰতা ৷

গণৰাজ্য দিৱস উপলক্ষ্যে ৰাজ্যত ব্যাপক প্ৰস্তুতি

author img

By

Published : Jan 23, 2020, 11:18 PM IST

নিউজ ডেস্ক, 23 জানুৱাৰীঃ সমাগত 70 সংখ্যক গণৰাজ্য দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী, ডিফু ৰে’ল ষ্টেচনৰ লগতে শিলচৰ চহৰতো ব্যাপক তৎপৰতা ৷ যাৰ বাবে সমান্তৰালভাৱে বিপণী সমূহতো সমাদৰ বাঢ়িছে ত্ৰিৰংগা পতাকা, টি-চাৰ্ট ইত্যাদিৰ ৷ মহানগৰীৰ বজাৰ সমূহত এতিয়া উপলব্ধ হৈছে গণৰাজ্য দিৱসৰ বাবে প্ৰয়োজনীয় সামগ্ৰী । তিনিটা ৰঙৰ মূৰত পিন্ধিব পৰা বেনো আহিছে মহানগৰীৰ বজাৰলৈ ।

গুৱাহাটীত গণৰাজ্য দিৱস উপলক্ষে বজাৰত বিভিন্ন সামগ্ৰী

আনহাতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ ৰে’ল ষ্টেচন চৌহদত ১০০ ফুট উচ্চতাত উত্তোলন কৰা হ'ল ত্ৰিৰংগা পতাকা ৷ পুৱা ১১-১৫ বজাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে ভুমিৰ পৰা ১০০ ফুট উচ্চতাত উত্তোলন কৰা হয় ৰাষ্ট্ৰীয় পতাকাখন ৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ লগত সংগতি ৰাখি যথাযথ ৰীতিৰে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি পতাকাখন উত্তোলন কৰা হয় ৷

গণৰাজ্য দিৱস উপলক্ষ্যে ৰাজ্যত ব্যাপক তৎপৰতা

দেশৰ আন-আন ঠাইৰ লগতে শিলচৰ চহৰতো গণৰাজ্য দিৱস পালন কৰিবলৈ জোৰদাৰ প্ৰস্তুতি চলোৱা হৈছে । এই উপলক্ষে নাচ গানৰো আখৰা চলোৱা হৈছে । কাছাৰ জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজস্ব নৃত্য গীত আৰু লগতে জাতীয় আৰু দেশাত্মবোধক নৃত্য গীতৰ অনুশীলন চলাই থকা হৈছে । চহৰখনৰ বিভিন্ন অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিছে এই কৰ্মসূচীত ৷

Intro:সমাগত গনৰাজ্য দিৱস ।

Body:গনৰাজ্য দিৱসকলৈ সমগ্র দেশতে এতিয়া ব্যাপক তৎপৰতা । সমান্তৰালভাৱে সমাদৰ বাঢ়িছে ত্ৰিৰংগা পতাকা, টি চাৰ্ট আদিৰ । মহানগৰীৰ বজাৰ সমূহত এতিয়া উপলব্ধ হৈছে গনৰাজ্য দিৱসৰ বাবে প্ৰয়োজনীয় সামগ্ৰী । তিনিটা ৰঙৰ মূৰত পিন্ধিব পৰা বেনো আহিছে মহানগৰীৰ বজাৰলৈ । এদিনৰ বাবে সকলোৱে শান্তিপূৰ্ণ ভাৱে পালন কৰিব গনৰাজ্য দিৱসটি । যাৰ বাবে এতিয়া গ্ৰাহকে ত্ৰিৰংগা পতাকা, টি চাৰ্ট বিচাৰিছে মহানগৰীৰ বিপনী সমূহত ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.