ETV Bharat / city

অসমৰ ৩৭৯ টা ষ্টাৰ্ট-আপলৈ বাণিজ্য মন্ত্ৰণালয়ৰ স্বীকৃতি প্ৰদান - DPIIT

ক’ভিড সৃষ্ট পৰিস্থিতিতো অসমবাসীৰ বাবে এটা ভাল খবৰ ।‌‌ অসমৰ উদ্যোগীয়ে দাখিল কৰা উদ্ভাৱনীমূলক ব্যৱসায়ীক ধাৰণাৰ মাজৰ পৰা মুঠ ৩৭৯ টা প্ৰকল্পক ষ্টাৰ্ট-আপৰ স্বীকৃতি দিছে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য মন্ত্ৰণালয়ে ।

379 startup of assam recognised by ministry of commerce
অসমৰ ৩৭৯ ষ্টাৰ্ট-আপ লৈ দেশৰ বানিজ্য মন্ত্ৰণালয়ৰ স্বীকৃতি প্ৰদান
author img

By

Published : Jun 15, 2021, 6:20 PM IST

গুৱাহাটী, ১৫ জুন : অসমৰ‌ মুঠ ৩৭৯ টা উদ্ভাৱনীমূলক ব্যৱসায়ীক প্ৰকল্পক কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য মন্ত্ৰণালয়ে আগবঢ়াইছে ষ্টাৰ্ট-আপৰ স্বীকৃতি । অতি লক্ষণীয়ভাৱে উল্লিখিত সংখ্যক ষ্টাৰ্ট-আপৰ ভিতৰত ১৪৮ টা প্ৰকল্পকে নেতৃত্ব দিছে একো একোগৰাকী মহিলা উদ্যোগীয়ে ।

মন কৰিবলগীয়া যে, ক’ভিড (Covid 19) মহামাৰীৰ সময়তো যাতে দেশৰ ঔদ্যোগিক খণ্ডলৈ নতুন নতুন উদ্ভাৱনীমূলক ব্যৱসায়ীক প্ৰকল্পৰ আগমন ঘটি থাকে সেই সন্দৰ্ভত বাণিজ্য মন্ত্ৰণালয়ে বিশেষ তৎপৰ হৈছে । তাৰে অংশ হিচাপে শেহতীয়াকৈ মন্ত্ৰণালয়ৰ অধীনস্থ ডিপাৰ্টমেন্ট ফৰ প্ৰমোচন অৱ ইণ্ডাষ্ট্ৰিজ এণ্ড ইন্টাৰনেছনেল ট্ৰেড চমুকৈ (DPIIT) য়ে পঞ্চাশ হেজাৰ ষ্টাৰ্ট-আপক স্বীকৃতি প্ৰদান কৰিছে ।

অসম বা‌ উত্তৰ-পূৰ্বাঞ্চলৰ তুলনাত দেশৰ আন প্ৰান্তৰ ৰাজ্যসমূহে কিন্তু বহুত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে । কেৱল মহাৰাষ্ট্ৰৰে ৯৩৩৫ টা ষ্টাৰ্ট-আপয়ে মন্ত্ৰালয়ৰ স্বীকৃতি লাভ কৰিছে । ৬৫৫৬ টা ষ্টাৰ্ট-আপৰে দ্বিতীয় স্থানত আছে কৰ্ণাটক আৰু ৬১৫৮ টা ষ্টাৰ্ট-আপৰ স্বীকৃতিৰে তৃতীয় স্থানত আছে নতুন দিল্লী ।

মন কৰিবলগীয়া যে, অসমৰ ৩৭৯ টা ষ্টাৰ্ট-আপে বিভাগীয় স্বীকৃতি পোৱাৰ বিপৰীতে উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ স্থিতি কিন্তু দুখ লগা হৈ আছে । বিভাগৰ তথ্য অনুসৰি মেঘালয়ৰ ১২ টা অৰুণাচলৰ ৪ টা চিকিমৰ ৫ টা মনিপুৰৰ ৪৭ টা নাগালেণ্ডৰ ১৭ টা আৰু ত্ৰিপুৰাৰ ৩৬ টা উদ্ভাৱনীমূলক প্ৰকল্পলৈ ষ্টাৰ্ট-আপৰ স্বীকৃতি দিয়া হৈছে ।

এখন বৃহৎ ৰাজ্য হিচাপে পশ্চিম বংগৰ স্থিতিও এই পৰ্যন্ত ভাল নহয় বুলি জানিব পৰা গৈছে । ৰাজ্যখনৰ মাত্ৰ ১৪৫২ টা ষ্টাৰ্ট-আপেহে বিভাগৰ পৰা স্বীকৃতি লাভ কৰিছে । অসমৰ‌ পৰা স্বীকৃতি পোৱা ৩৭৯ টা ষ্টাৰ্ট-আপ ৰ ১৪৮ টা প্ৰকল্পক মহিলা উদ্যোগীয়ে নেতৃত্ব দিয়াটো স্বাভাৱিকতে লক্ষণীয় বুলি বিবেচিত হৈছে । উদ্যোগী মহিলা সকলৰ এই প্ৰকল্প সমূহে সামৰি লৈছে খাদ্য, বস্ত্ৰ, কৃষি ইলেকট্ৰনিক আৰু অন্যান্য বিষয়ৰ উদ্ভাৱনীমূলক প্ৰকল্প ।‌

লগতে পঢ়ক : গৰম বন্ধ শেষ হ'ল যদিও নোখোলে বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.