ETV Bharat / city

বিজেপি চৰকাৰক তুলাধূনা তিনি কংগ্ৰেছ বিধায়কৰ

author img

By

Published : Sep 2, 2020, 4:59 PM IST

বিধানসভা অধিবেশনৰ দ্বিতীয় দিনা সদনৰ মজিয়াত চৰকাৰৰ বিভিন্ন কাম কাজৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দল কংগ্ৰেছ । কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিধায়ক দূৰ্গা ভূমিজৰ তীব্ৰ কটাক্ষ শাসনাধীষ্ঠ বিজেপি চৰকাৰক ৷

বিজেপি চৰকাৰক তুলাধূনা তিনি কংগ্ৰেছ বিধায়কৰ
3 Congress MLA criticism present BJP govt in Legislative Assembly

গুৱাহাটী, ২ ছেপ্টেম্বৰ: বিধানসভা অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে সদনৰ মজিয়াত চৰকাৰৰ বিভিন্ন কাম কাজৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী দল কংগ্ৰেছ । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, ইতিমধ্যে ক'ভিডৰ পিছৰ পৰিস্থিতি অধ্যয়ন কৰি "ছিটা" ই ৰাজ্য চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিছে । সেই প্ৰতিবেদনত কোৱা হৈছে যে এই পৰিস্থিতিত অসমৰ ১৫ ৰ পৰা ২১ লাখ খাটি খোৱা লোক বৰ বেয়াকৈ অৰ্থনৈতিক ভাবে ক্ষতিগ্ৰস্ত হৈছে । কিন্তু চৰকাৰে সেই প্ৰতিবেদন মানি ল’ব নোখোজে । এয়া এক বিদ্যায়তনিক অধ্যয়ন বুলি কৈ গা এৰা দিব খুজিছে । চৰকাৰে বাস্তৱ ছবিক স্বীকাৰ কৰিব নোখোজাটো দূৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

চৰকাৰে বাস্তৱ ছবিক স্বীকাৰ কৰিব নোখোজাটো দূৰ্ভাগ্যজনক : দেৱব্ৰত শইকীয়া

আনহাতে, কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, যোৱা নিৰ্বাচনৰ সময়তো চৰকাৰে বিভিন্ন বিভাগত নিযুক্তিৰ টোপ দি বিজ্ঞাপন প্ৰকাশ কৰিছিল । কিন্তু নিযুক্তি আজিও নহ'ল । একেদৰে এইবাৰো নিৰ্বাচনৰ আগে আগে চৰকাৰে নিযুক্তিৰ টোপ দিবলৈ আৰম্ভ কৰিছে ।

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

ইপিনে কংগ্ৰেছৰ এজন বিধায়ক দূৰ্গা ভূমিজ বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে । চৰকাৰৰ দায়িত্বহীনতাৰ বাবেই বাঘজানৰ ক্ষতিগ্ৰস্তই আজিও ক্ষতিপূৰণ পোৱা নাই বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

বাঘজান ঘটনাৰ ক্ষতিপূৰণ দাবীৰে দূৰ্গা ভূমিজৰ মন্তব্য

লগতে চাওক-কংগ্ৰেছলৈ ধাপলি মেলিব বহু বিজেপি নেতাঃ ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.