ETV Bharat / city

Covid update in Assam : ৰাজ্যত বিগত 24 ঘণ্টাত 2348 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত

উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্তৰ সংখ্যা (increase Covid positive cases in Assam) ৷ শুকুৰবাৰে ৰাজ্যত নতুনকৈ 2348 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । শনিবাৰৰে পৰা ক'ভিড পৰিস্থিতিক লৈ কঠোৰ হ'ব মহানগৰ প্ৰশাসন ৷

covid-19-statistics-of-assamtill-14th-of-january-2022
আজিৰে পৰা কঠোৰ হ'ব গুৱাহাটী প্ৰশাসন
author img

By

Published : Jan 15, 2022, 9:47 AM IST

Updated : Jan 15, 2022, 11:20 AM IST

নিউজ ডেস্ক, 15 জানুৱাৰী : ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা (increase Covid positive cases in Assam) । বিশেষকৈ পহিলা জানুৱাৰীৰ পৰা সংক্ৰমণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷

ইফালে ক’ভিডৰ তৃতীয় ঢৌৰ সময়ত অসমৰ (Covid infection in Assam) লগতে গুৱাহাটীতো প্ৰতিদিনে সংক্ৰমিত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ সময়তে (Covid cases increase in Guwahati) আজি অৰ্থাৎ 15 জানুৱাৰীৰ পৰা ক'ভিড পৰিস্থিতিক লৈ কঠোৰ হ'ব গুৱাহাটী প্ৰশাসন ৷

শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰযোগে ৰাজ্যৰ বৰ্তমানৰ ক'ভিড-19 ৰ পৰিস্থিতি সম্পৰ্কে এক তথ্য দাঙি ধৰে ৷ এই তথ্য মৰ্মে, ৰাজ্যত বৰ্তমান ক'ভিড-19 ত আক্ৰান্তৰ সংখ্যা 2348 জন ৷ সৰ্বমুঠ ক'ভিড-19 ত আক্ৰান্তৰ হাৰ 7.80 শতাংশ ৷ লগতে কৰ’ণাৰ পৰীক্ষা সম্পন্ন হৈছে 30,109 গৰাকীৰ ৷

ইয়াৰ ভিতৰত কামৰূপ(ম) ত 870 জন লোক ক'ভিড-19 ত আক্ৰান্ত হয় ৷ ইতিমধ্যে 96.44 শতাংশ লোকে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণৰ পিছতে ৰাজ্যখনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নেকি ক’ভিড সংক্ৰমণ ?

Last Updated : Jan 15, 2022, 11:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.