নিউজ ডেস্ক, 16 নৱেম্বৰ: শনিবাৰৰ দিনটোত সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, 2019 ৷ গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এই বিশেষ দিনটোত ৰাজ্যৰ ব্ৰক্ষ্মপুত্ৰ পৰা বৰাকলৈ ঠাইে ঠাইে ৰাইজে স্মৰণ কৰিলে সাংবাদিক সকলৰ মহান ত্যাগৰ আখ্যান ৷ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি মহানগৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰশাসনে আয়োজন কৰিলে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ য'ত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিলে জেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে ৷ এই অনুষ্ঠানতে প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় সাংবাদিক মৃদুল প্ৰীতম ডেকা আৰু গিৰিন্দ্ৰ কলিতাক ৷ নলবাৰীতো প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক তথা বুদ্ধিজীৱি হাইদৰ হুছেইনে ৷
ঠিক একেদৰে উজনিৰ যোৰাহাট আৰু গোলাঘাটতো প্ৰেছ ক্লাৱ আৰু প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ যোৰহাটৰ জে বি কলেজত অনুষ্ঠিত প্ৰেছ দিৱস কাৰ্যসূচীত সাংবাদিকসকলৰ বাবে সুকীয়া ডাইৰী উন্মোচন কৰে বিশিষ্ট অধিবক্তা ৰন্তু গোস্বামীয়ে ৷ গোলাঘাটত প্ৰেছ দিৱসৰ দিনাই চহৰখনৰ বিভিন্ন সমস্যাৱলীক লৈ আলোচনাত মিলিত হল সাংবাদিক আৰু প্ৰশাসনৰ লোক ৷ ইফালে,সাংস্কৃতিক নগৰী তেজপুৰটো জিলা প্ৰশাসন তথা তথ্য জনসংযোগৰ সহযোগত পালন কৰা হয় 53 সংখ্যক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ অনুষ্ঠানত "সংবাদ পৰিবেশন তাৎপৰ্য অনুধাৱন-এক যাত্ৰা" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ গনসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডঃ জয়া চক্ৰৱৰ্তীয়ে ৷ কলিয়াবৰতো প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক আলোচনা চক্ৰ য'ত বক্তৃতা প্ৰদান কৰে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক প্ৰাঞ্জল দত্তই । একেদৰে ধুবুৰী, চিৰাং, বঙাইগাঁৱতো প্ৰশাসনৰ উদ্যোগত ব্যাপক উৎসাহৰ মাজেৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ য'ত সম্বৰ্ধনা জনোৱা হয় সমাজৰ প্ৰহৰী স্বৰূপ সাংবাদিকসকলক ৷ কোকৰাঝাৰত উলহ মালহেৰে উদযাপন কৰা হল নেচনেল প্ৰেছ দে ৷ আনহাতে বৰাকৰ কৰিমগঞ্জত প্ৰেছ দিৱসৰ দিনাই ধৰ্ণাত বহিল সাংবাদিকসকল ৷ এই সকলো বিষয় সামৰি চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷