ETV Bharat / city

MMCHৰ পৰা ১১ গৰাকী কৰ'ণা সুস্থ লোকক অব্যাহতি

author img

By

Published : May 30, 2020, 11:41 PM IST

Updated : May 31, 2020, 9:03 AM IST

যোৱা চাৰিদিনত চাৰি শতাধিক সুস্থ ৰোগীক ৰিলিজ দিয়া হৈছে হাস্পতালৰ পৰা ।

MMCৰ পৰা ১১ গৰাকী কৰ'ণা সুস্থ লোকক ৰিলিজ

গুৱাহাটী, 30 মে' : শনিবাৰে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় সুস্থ হোৱা 11জন কৰ'ণা ৰোগী ৷ ইয়াৰে মৰিগাঁৱৰ 1জন, কামৰূপ গ্ৰাম্য 5জন, কামৰূপ মহানগৰৰ 2জন, নগাঁৱৰ 2জন আৰু কাৰ্বি আংলঙৰ এজন লোক সুস্থ হৈ উঠিছে ।

যোৱা চাৰিদিনত চাৰি শতাধিক সুস্থ ৰোগীক ৰিলিজ দিয়া হৈছে হাস্পতালৰ পৰা । বৰ্তমান ৫৮খনকৈ বিছনা খালী হৈ আছে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত । বৰ্তমানলৈ 147 গৰাকী কৰ'ণা আক্ৰান্ত সুস্থ লোকক ৰিলিজ দিয়া হৈছে হাস্পতালখনৰ পৰা । অহা দুই এদিনতে আৰু 10-15 গৰাকীক ৰিলিজ কৰাৰ সম্ভাৱনা আছে । ইফালে বৰ্তমান MMCত থকা কৰ'ণা ৰোগীসকলৰ স্বাস্থ্য পৰিস্থিতি সুস্থিৰ বুলি জনাইছে কৰ্তৃপক্ষই ।

Last Updated : May 31, 2020, 9:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.