ETV Bharat / city

সদৌ অসম মৃত্যুঞ্জয় 108 কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

author img

By

Published : Dec 28, 2020, 9:57 PM IST

চাকৰি নিয়মীয়াকৰণ, চৰকাৰী সকলো সা সুবিধাৰ দাবীৰে প্ৰতিবাদমুখৰ হ'ল সদৌ অসম মৃত্যুঞ্জয় 108 কৰ্মচাৰী সন্থা ৷ সোমবাৰে মহানগৰীৰ চচলত চৰকাৰবিৰোধী শ্ল'গানেৰে কঁপাই তুলিলে পৰিৱেশ ৷

108 employee protest
সদৌ অসম মৃত্যুঞ্জয় 108 কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

গুৱাহাটী, 28 ডিচেম্বৰ : চাকৰি নিয়মীয়াকৰণ, চৰকাৰী সকলো সা সুবিধাৰ দাবীৰে প্ৰতিবাদমুখৰ হ'ল সদৌ অসম মৃত্যুঞ্জয় 108 কৰ্মচাৰী সন্থা ৷ সোমবাৰে মহানগৰীৰ চচলত চৰকাৰবিৰোধী শ্ল'গানেৰে কঁপাই তুলিলে পৰিৱেশ ৷ চাকৰি চিৰস্থায়ী কৰা, কৰ্মৰত অৱস্থাত দুৰ্ঘটনা হ‘লে উচিত ক্ষতিপূৰণ দিয়াকে আদি কৰি বহু কেইটা দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে সন্থাটোৱে ৷ এই সকলো দাবী লৈ এই বৰ্ষৰ 20 নবেম্বৰত চৰকাৰক দিয়া স্মাৰক পত্ৰৰো সঁহাৰি বিচাৰে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, ১০৮ সেৱাৰ ৩০০০ কৰ্মচাৰীয়ে ক‘ভিডৰ সময়ত দিনে নিশাই কৰ্তব্য পালন কৰিছিল ৷ লগতে বহু কৰ্মচাৰী এই ৰোগতো আক্ৰান্তও হৈছিল ৷ কিন্তু ইয়াৰ পাছতো সকলো কৰ্মচাৰীয়ে পুনৰ সেৱা আগবঢ়াইছিল ৷ কিন্তু পৰিতাপৰ বিষয় যে, এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অভিযানৰ ঠিকা ভিত্তিক কৰ্মচাৰীক সকলো সা সুবিধা প্ৰদান কৰা হ‘ল ৷ বিপৰীতে ১০৮ সেৱাৰ কৰ্মচাৰী সকলে চৰকাৰৰ পৰা নাপালে কোনোধৰণৰ সঁহাৰি ৷ গতিকে তেওঁলোকৰ স্পষ্ট কথা চৰকাৰে কোনো সঁহাৰি নিদিলে সমগ্ৰ অসমত স্থৱিৰ হৈ পৰিব ১০৮ সেৱা ৷

লগতে পঢ়ক: 2021 বৰ্ষটো অসমৰ জাতীয় জীৱনৰ বাবে আশাৰ বৰ্ষ হ'ব: লুৰিণ জ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.