গুৱাহাটী, 23 নৱেম্বৰঃ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । ইয়াৰ সমান্তৰালভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনাৰে ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া ভগৱনাৰ ওচৰত প্ৰাৰ্থনা অব্যাহত ৰাখিছে ৰাইজে ।
শক্তিপীঠ কামাখ্যা ধামতো চলি আছে বিশেষ পূজা-অৰ্চনা । কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ব্যক্তিগত পূজাৰীয়ে কৰি আছে এই বিশেষ পূজা-অৰ্চনা ।
ইয়াৰ লগতে তেখেতৰ সুস্বাস্থ্যৰ কামনাৰে চলিছে হোম যজ্ঞও । সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে কামাখ্যাৰ পুৰোহিত(পাণ্ডাৰ) সৈতে ফোন যোগে বাৰ্তালাপ কৰাৰ পিছত দেৱী মাৰ ওচৰত এই বিশেষ পূজা আগবঢ়োৱা হৈছে ।
লগতে পঢ়কঃপ্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত কি ক’লে ৰণজিৎ দাসে..