ETV Bharat / city

মৃত্যুমুখী অৱস্থাৰ পৰা উভতা এখন চৰকাৰী বিদ্যালয় - Assam government

যি সময়ত চৰকাৰৰ অকৰ্মণ্যতাৰ ফলত চৰকাৰী বিদ্যালয় সমূহ মৃত্যুমুখলৈ গতি কৰিছে তেনে সময়তে সকলোৰে বাবে উদাহৰণত পৰিণত হৈছে টিংখাঙৰ এখন প্ৰাথমিক বিদ্যালয় ৷ কেৱল কিতাপৰ জ্ঞানেই নহয় পাঠ্যক্ৰম বৰ্হিভুক্ত কাৰ্যসূচীতও পাকৈত হৈ উঠিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল ৷

মৃত্যুমুখী অৱস্থাৰ পৰা উভতা এখন বিদ্যালয়
author img

By

Published : Aug 2, 2019, 9:05 AM IST

টিংখাঙ, 2 আগষ্ট : উজনি অসমৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় বৰ্তমান হৈ পৰিছে সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাব পৰা বিদ্যালয়খন হৈছে ডিব্ৰুগড়ৰ জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত টিংখাং দুই নং গড়গুৰিস্থিত পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয় ৷ ২০১৫ বৰ্ষৰ এপ্ৰিল মাহৰ আগলৈকে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অভাৱত বিদ্যালয়খন মৃত্যুৰ দিশে গতি কৰিছিল যদিও বৰ্তমান প্ৰধান শিক্ষক অজিত গগৈৰ নেতৃত্বত পুনৰ মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক,সাংস্কৃতিক তথা শাৰীৰিক দিশত উত্তৰণৰ বাবে বিদ্যালয়খনে গ্ৰহণ কৰি আহিছে কেতবোৰ বিশেষ পদক্ষেপ ৷ পাঠদানৰ সমান্তৰালকৈ বিদ্যালয়খনত গীত, নৃত্য, অভিনয়, কবিতা আবৃত্তি, যোগাসনৰ আদিৰ ওপৰতো চৰ্চা কৰা হয় । বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল বাদ্যযন্ত্ৰ বজোৱাতো পাকৈত ৷ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষকে পাঠদান কৰা এই বিদ্যালয়খনে ২০১৭ বৰ্ষত ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱত এ+ (A+) গ্ৰেড পাবলৈ সক্ষম হৈছিল । বিদ্যালয়খনৰ নাম বৰ্তমান ডিব্ৰুগড় জিলাৰ স্মাৰ্ট স্কুল হিচাপে প্ৰস্তাৱিত হৈছে । যি সময়ত চৰকাৰী বিদ্যালয়ৰ মৃত্যুমুখী যাত্ৰা অব্যাহত আছে তেনে সময়ত পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয়ে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷

Intro: চৰকাৰী বিদ্যালয়ৰ মৃত্যুমুখী অৱস্থাৰ বিপৰীতে টিংখাঙৰ এখন বিদ্যালয় প্ৰস্তাৱিত হৈছে স্মাৰ্ট স্কুলৰ (পাকৈত বিদ্যালয় ) বাবে । কেৱল পাঠ্যক্ৰমৰ শিক্ষাই নহয়,  এইখন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল পাকৈত গীত, নৃত্য, অভিনয়, শৰীৰ চৰ্চা ইত্যাদি বিভিন্ন বিষয়ত ।
Body:. O. - উজনি অসমৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খন বৰ্তমান হৈ পৰিছে সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক প্ৰত্যাহ্বান জনাব পৰা বিদ্যালয়খন হৈছে ডিব্ৰুগড়ৰ জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত টিংখাং দুই নং গড়গুৰিস্থিত পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয় । ২০১৫ বৰ্ষৰ এপ্ৰিল মাহৰ আগলৈকে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অভাৱত বিদ্যালয়খন মৃত্যুৰ দিশে গতি কৰিছিল । কিন্তু, প্রধান শিক্ষক অজিত গগৈৰ আন এজন শিক্ষক যোগদান কৰাৰ পিছৰে পৰা বিদ্যালয়খন সকলো দিশতে উন্নত হবলৈ ধৰিছে । ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক,সাংস্কৃতিক আৰু শাৰীৰিক দিশত উত্তৰণৰ বাবে বিদ্যালয়খনে গ্ৰহণ কৰি আহিছে কেতবোৰ বিশেষ পদক্ষেপ । পাঠদানৰ সমান্তৰালকৈ বিদ্যালয়খনত গীত, নৃত্য, অভিনয়,  কবিতা আবৃত্তি, যোগাসনৰ ওপৰত চৰ্চা কৰা হয় । বিদ্যালয় কন কন ছাত্ৰ ছাত্ৰীসকল বাদ্যযন্ত্ৰ বজোৱাতো পাকৈত ।
Bite - প্ৰধান শিক্ষক, Conclusion:প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষকে পাঠদান কৰা এই বিদ্যালয়খনে ২০১৭ বৰ্ষত ৰাজ্যৰ শিক্ষা বিভাগে অনুষ্ঠিত কৰা গুণোৎসৱত এ+ (A+) গ্ৰেড পাবলৈ সক্ষম হৈছে । ইয়াৰ পিছতে প্ৰধান শিক্ষক অজিত গগৈয়ে জয়পুৰ শিক্ষাখণ্ডৰ ভিতৰত প্ৰথম জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে বিদ্যালয়খন বৰ্তমান ডিব্ৰুগড় জিলাৰ ভিতৰত স্মাৰ্ট স্কুল (পাকৈত বিদ্যালয় ) হিচাপে প্ৰস্তাৱিত হৈছে । চৰকাৰী বিদ্যালয়ৰ মৃত্যুমুখী অৱস্থাৰ বিপৰীতে পোৱালী পথাৰ প্ৰাথমিক বিদ্যালয়ে আনিছে আশাৰ বতৰা ।

Bite - স্থানীয় লোক।

টিংখাঙৰ পৰা দীপক গগৈ ,ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.